ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট; ১৮ অক্টোবৰ : 'সংবিধান প্ৰদত্ত সকলো অধিকাৰ থাকিও আজি বিজেপি চৰকাৰৰ দিনত দেশৰ নাগৰিক বাক্ স্বাধীনতা, মুক্তভাবে জী...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট; ১৮ অক্টোবৰ : 'সংবিধান প্ৰদত্ত সকলো অধিকাৰ থাকিও আজি বিজেপি চৰকাৰৰ দিনত দেশৰ নাগৰিক বাক্ স্বাধীনতা, মুক্তভাবে জীয়াই থকাৰ জন্মস্বত্ব অধিকাৰৰ পৰা আজিও বঞ্চিত। সেয়েহে অসমৰ ৰাইজে এই কথা উপলব্ধি কৰি ৰাইজৰ দলৰ জন্ম দিছে আৰু এই দলক আগুৱাই দিয়াৰ দ্বায়িত্ব ৰাইজৰ।' এই আহ্বান ৰাজ্যিক মূখ্য আহ্বায়ক মহেন্দ্ৰ দিহিঙ্গীয়াৰ ।আজি ১৮ অক্টোবৰ তাৰিখে যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত দিহিঙীয়াই কয় যে সাম্প্ৰদায়িক ৰাজনীতিৰ সদাগৰ সকলে বিগত পাঁচ বছৰে অসমখনক অধঃপতনে নি নাগৰিকত্ব সংশোধনী আইন তৈয়াৰ কৰি অসমীয়া জাতিক নিঃশেষ কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে আজি ৰাইজ ঐক্যবদ্ধ হৈছে আৰু ৰাইজে সাম্প্ৰদায়িক বিজেপি-আৰএছএছ আৰু কংগ্ৰেছ-এআইইউডিএফ ৰ অশুভ জোঁট বন্ধনক প্ৰতিহত কৰিহে ক্ষান্ত হ’ব। বিশিষ্ট চিকিৎসক তথা সাংস্কৃতিক কৰ্মী ডাঃ গোলাপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভা খনি আঁত ধৰে বীৰ লাচিত সেনাৰ যোৰহাটৰ সভাপতি সিদ্ধৰ্থ বৰুৱাই । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক দিব্যজ্যোতি শৰ্মাই । উদ্দেশ্য ব্যাখ্যাত শৰ্মাই ৰাইজৰ দল যে ৰাইজৰ দ্বাৰা গঠিত দল আৰু এই দলেই ভাৰতীয় সংবিধানৰ ফেডাৰেল গাঁথনিৰ প্ৰকৃত প্ৰয়োগেৰে সকলো জাতি-জনগোষ্ঠী সম অধিকাৰ সম মৰ্যাদাৰ এখন সকলোকে সামৰি লোৱা অসম নিৰ্মাণ কৰিব তাৰ ব্যাখ্যা কৰে । সভাত ৰাজ্যিক আহ্বায়ক প্ৰবীন দাস, পাৰ্থ সাৰথি শইকীয়া আৰু লক্ষ্মণ চাওৰা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি উমেশ বৰা, পাপৰী গগৈ, সূৰ্য মোহন দাস, গীতাঞ্জলি গগৈ, মহেন্দ্ৰ কুমাৰ খনিকৰ, উষা ফুকন, অধিবক্তা হেমেন বৰা, পিচিপিডিৰ জিলা সভাপতি দেৱজিৎ শইকীয়া, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ নেতা মানস গগৈ, চিনুমণি বৰা, ত্ৰিশূল শইকীয়া, সুদীপ্ত নয়ন গোস্বামী, দিলীপ কুমাৰ শইকীয়া, মৃদুল বৰা আদি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। আজিৰ সভাত ৰাইজৰ দলৰ যোৰহাট জিলাৰ ১০১ জনীয়া জিলা আহ্বায়ক সমিতিখন গঠন কৰা হয়। আহ্বায়ক সকলৰ ভিতৰত ডা° গোলাপ ডেকা, অধিবক্তা সুদীপ্ত নয়ন গোস্বামী, হেমেন বৰা, সূৰ্য মোহন দাস, কেশৰাম চেতিয়া, গীতা চাওৰা, গীতা খনিকৰ, চৈত্যেন্দ্ৰ বৰ্মন, নন্দ কিশোৰ দাগা, মিঠুন দেউৰী, অনুপম পায়েং, সংগীতা বৰঠাকুৰ, মকবুল হুছেইন, ত্ৰিশূল শইকীয়া, ৰমেন চেতিয়া, জয়ন্ত দত্ত মেধি, উষা ফুকন, মৃদুল বৰা, বিকাশ চেতিয়া, প্ৰমোদ গগৈ আদি।
No comments