Page Nav

HIDE

ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে মূল্যবোধৰ ধাৰণাৰে নিজকে প্ৰতি্ষ্ঠা কৰিব লাগিব : কৃতী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰী

গুৱাহাটী ঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ মাধ্যমিক ...

গুৱাহাটী ঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক ২০২০ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে। এই বঁটাপ্ৰাপক সৰ্বমুঠ ১৬,৯৪৪ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ লেপটপ ক্ৰয়ৰ বাবে  তেওঁলোকৰ  বেংক একাউন্টলৈ ২০ হাজাৰ টকাকৈ প্ৰত্যক্ষ হস্তান্তৰৰ জৰিয়তে আগবঢ়োৱা হৈছে। আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে  বুটাম টিপি ছাত্ৰ-ছাত্ৰীৰ একাউন্টলৈ এই ধনৰাশি হস্তান্তৰ কৰাৰ লগতে পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীলৈ এই ধনৰাশিৰ চেক আৰু প্ৰমাণ-পত্ৰ প্ৰদান কৰে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে সৰ্বমুঠ ৩৪ কোটি টকা মোকলাই দিছে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি প্ৰদান  কৰা ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ স্মৃতিৰে নিৰ্মিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে পৱিত্ৰ স্থানত অসমৰ এগৰাকী সুযোগ্য সন্তান তথা মহান মনীষী আনন্দৰাম বৰুৱাৰ নামত প্ৰদান কৰা এই বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে ৰাজ্যখনৰ মহাপুৰুষ তথা মহান মনীষীসকলৰ মূল্যবোধৰ আদৰ্শেৰে নিজকে শক্তিশালী ৰূপত গঢ় দি পৰিয়াল, সমাজ, ৰাজ্য তথা দেশৰ নাম উজলোৱাৰ বাবে নিষ্ঠাসহকাৰে নিজৰ কৰ্মক্ষেত্ৰত ব্ৰতী হ’ব লাগিব। এইসকল কৃতী ছাত্ৰ-ছাত্ৰীয়ে আমাৰ মাতৃভূমিক বিশ্বৰ বুকুত শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰাৰ বাবে নিজৰ মেধা আৰু ইচ্ছাশক্তি প্ৰয়োগেৰে উজলি উঠিব লাগিব বুলিও তেওঁ কয়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘বিশ্ব বিজয়ী ন-জোৱান’ৰ উদ্ধৃতি দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্ব জয়ৰ শক্তি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্বত আছে।  অসমীয়া জাতিক বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰা মহান পণ্ডিত আনন্দৰাম বৰুৱাই দেখুৱাই থৈ যোৱা আদেৰ্শৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে আগুৱাই যাব লাগিব বুলিও তেওঁ কয়। মন কৰিলে ছন কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁলোকে ভৱিষ্যতে বিশ্বৰ য’তেই কৰ্মক্ষেত্ৰত অৱতীৰ্ণ নহওক কিয় অসমৰ এক শক্তিশালী পৰিচয় দাঙি ধৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক্ট ইষ্ট পলিচী’ ৰূপায়ণৰ ফলশ্ৰুতিত আছিয়ান আৰু বি বি এন দেশসমূহৰ ৮০ কোটি জনসাধাৰণৰ সৈতে ব্যৱসায়-বাণিজ্য, সাংস্কৃতিক আদান-প্ৰদানৰ যি বাট মুকলি হৈছে সকলো ক্ষেত্ৰতে পাৰ্গতালি দেখুৱাই আমি যোগ্যতাৰ ভিত্তিত মানসম্পন্ন সামগ্ৰী আৰু মানসম্পন্ন মানৱ সম্পদ সৃষ্টি কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰাৰ মানসিকতা আহৰণ কৰিব লাগিব বুলিও কয়।

 উন্নত মানৱ সম্পদৰ চাহিদা দিনকদিনে বাঢ়ি আছে বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক গুৰুভক্তিৰে সততা আৰু নিষ্ঠাৰে নিজৰ কৰ্মত ব্ৰতী হৈ ভৱিষ্যতে সফলতা লাভ কৰাৰ পথ প্ৰশস্ত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। ইয়াৰ বাবে  আনন্দৰাম বৰুৱাৰ দৰে প্ৰবাদপুৰুষসকলৰ আদৰ্শেৰে আমি সমাজখনক বৌদ্ধিক, আধ্যাত্মিক দিশেৰে শক্তিশালী কৰি আগুৱাই নিব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক যি কামেই নকৰক কিয় সদায় সততা, নিষ্ঠা আৰু মানৱীয় প্ৰমূল্যবোধ অটুট ৰাখি কৰাৰ বাবেও আহ্বান জনায়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব লৈয়ে ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগত কেতবোৰ আমূল পৰিৱৰ্তনৰ সূচনা কৰাৰ বাবে মন্ত্ৰীগৰাকীৰ শলাগ লয়।   জ্ঞানেই শক্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে একাগ্ৰতা, শৃংখলাবদ্ধ জীৱন যাপনেৰে অধ্যয়ন কৰি দশম শ্ৰেণীৰ ফলাফলত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত লক্ষ্য স্থিৰ কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাক লৈ ৰাইজ আজি গৌৰৱান্বিত।

 সমাজখনৰ বৃহৎসংখ্যক লোকে আশাৰে বাট চাই আছে যে এই ছাত্ৰ-ছাত্ৰীসকলে বিশ্বৰ বুুকুত অসমক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব। অসমৰ বুকুত থকা সম্পদ আৰু সম্ভাৱনাক উৎকৰ্ষিত মনোভাব আৰু গৱেষণালব্ধ কাৰ্যৰে আৱিষ্কাৰ কৰিব লাগিব। সেই উদ্দেশ্যৰে ৰাজ্য চৰকাৰে ২০১৬ চনতে ‘ডিস্ক’ভাৰ আসাম’ নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলেও অসমৰ বুকুত থকা সম্পদ আৰু সম্ভাৱনীয়তাক আৱিষ্কাৰ কৰি ৰাজ্যখনক আগুৱাই নিয়াৰ পথ প্ৰশস্ত কৰিব লাগিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে অসমতে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ৮খন চিকিৎসা মহাবিদ্যালয়, ৯খন অভিযান্ত্ৰিক মহাবিদ্যালয়, ৩২খন পলিটেক্নিক, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, শ্ৰীশ্ৰীভট্টদেৱ বিশ্ববিদ্যালয়, শ্ৰীশ্ৰীমাধৱদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, সতী সাধনী বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে, যাতে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পাৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে অধ্যয়ন কৰিব পাৰে তাৰ বাবে লোৱা পদক্ষেপ আৰু সামগ্ৰিকভাৱে শিক্ষাৰ বিকাশৰ বাবে লোৱা বিভিন্ন আঁচনিৰ কথাও উল্লেখ কৰে। 

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি শিক্ষা, বিত্ত ইত্যাদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱপ্ৰজন্মক ডিজিটেল মাধ্যমেৰে চিনাকি কৰাই দিয়াৰ উদ্দেশ্যৰে ২০০৫ চনত আৰম্ভ কৰা আনন্দৰাম বৰুৱা বঁটা প্ৰদান আঁচনিৰ অধীনত এতিয়ালৈকে সৰ্বমুঠ ৩ লাখ ৭৩ হাজাৰ ৮৫৫গৰাকী ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাৰ উপৰি ২০২০ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই ক্ষিপ্ৰভাৱে আজি এই বঁটা কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ হাতত তুলি দিব পাৰি বৰ আনন্দিত হৈছে বুলিও কয়। আনন্দৰাম বৰুৱা বঁটা প্ৰদান আঁচনিখন শিক্ষা বিভাগ তথা সমগ্ৰ ৰাজ্যৰ বাবে এক ধ্বজাবাহী আঁচনি হিচাপে পৰিগণিত হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে ২০১৬ চনত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে শাসনভাৰ লোৱাৰ পিছৰে পৰা ৰাজ্যখনৰ শৈক্ষিক দিশত তথা শিক্ষাক সৰ্বজনৰ ওচৰলৈ লৈ যোৱাৰ বাবে গ্ৰহণ কৰা কেতবোৰ আঁচনিৰ ফলশ্ৰুতিত ৰাষ্ট্ৰীয় সমীক্ষাত সাক্ষৰতাৰ হাৰত অসমে দেশৰ পঞ্চম স্থানলৈ উন্নীত হোৱাৰ সক্ষমতা আৰু সকলোৰে পদূলিলৈ শিক্ষা ব্যৱস্থাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দ্বিতীয় স্থানত উপনীত হোৱাৰ অৰ্হতা অৰ্জন কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়। মন্ত্ৰীগৰাকীয়ে চৰকাৰে লোৱা এনেবোৰ পদক্ষেপৰ ফলশ্ৰুতিত শৈক্ষিক খণ্ডই এক নতুন স্পন্দন লাভ কৰাৰ উপৰি সৰ্বভাৰতীয় পৰীক্ষাসমূহতো অসমৰ ছাত্ৰ-ছাত্ৰীয়ে শেহতীয়াকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বুলিও কয়।

 ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ ৬ শতাংশ শিক্ষা আৰু স্বাস্থ্য এই দুয়োটা শিতানত ব্যয় কৰাৰ দিশত অসম এক অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হৈছে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে পিতৃ-মাতৃ তথা ভগৱানৰ আশীৰ্বাদেৰে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ নিজৰ সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ দিশত নিষ্ঠাসহকাৰে ব্ৰতী হোৱাৰ বাবে আহ্বান জনায়। ছাত্ৰ-ছাত্ৰীসকলক হেজাৰজনৰ চকুত দীপ্ত সূৰ্যশিখা হৈ থাকি সমাজখনক আলোকৰ বাটেৰে আগুৱাই নিয়াৰ বাবেও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।   শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে আদৰণী ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণইও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ মিহিৰকান্তি চৌধুৰী, ছেবাৰ অধ্যক্ষ ৰাকেশ চান্দ জৈন, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই, মাধ্যমিক শিক্ষা সঞ্চালক ফণীন্দ্ৰ জিদুং, প্ৰাথমিক শিক্ষা সঞ্চালিকা বিজয়া চৌধুৰী, আমট্ৰনৰ পৰিচালন সঞ্চালক এম কে যাদৱ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।