Page Nav

HIDE

চাবুৱা লাইভৰ অনলাইন বিহুনাচ প্ৰতিযোগিতাৰ বিজয়ীক পুৰস্কাৰ প্ৰদান

গণ বাৰ্তা, চাবুৱা ২ অক্টোবৰঃ সমগ্ৰ বিশ্বত কৰ’ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে ঘোষণা কৰা লকডাউনৰ বাবে অসমত পালন নহ'ল অসমীয়াৰ অতি হেঁ...


গণ বাৰ্তা, চাবুৱা ২ অক্টোবৰঃ সমগ্ৰ বিশ্বত কৰ’ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে ঘোষণা কৰা লকডাউনৰ বাবে অসমত পালন নহ'ল অসমীয়াৰ অতি হেঁপাহৰ চেনেহৰ ৰঙালী বিহুটি৷ আনকি প্ৰত্যাশিত ভাৱে বাতিল হৈছিল সকলো বিহু সন্মিলন৷ তেনে  সময়তে চাবুৱা লাইভে আৰম্ভ কৰিছিল লকডাউন বিশেষ অনলাইন বিহুনাচ প্ৰতিযোগিতা৷ প্ৰায় আঢ়ৈশ প্ৰতিযোগীয়ে অংশ লোৱা চাবুৱা লাইভৰ এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ লগতে অসমৰ বাহিৰৰ কলিকতা , উত্তৰ প্ৰদেশ উপৰি বিদেশৰ  পৰাও প্ৰতিযোগীয়ে ঘৰতে বিহু নাচি তাৰ ভিডিঅ' চাবুৱা লাইভলৈ প্ৰেৰণ কৰি অৱতীৰ্ণ হৈছিল প্ৰতিযোগিতাখনত ৷  প্ৰতিযোগীৰ ভিডিঅসমুহৰ ভিউৱাৰ্চৰ ভিত্তিত তিনিগৰাকী প্ৰতিযোগী নিৰ্বাচিত হয়। অলপতে বিজয়ী প্ৰতিযোগী কেইগৰাকীক  চাবুৱা লাইভৰ কৰ্মকৰ্তাসকলে পুৰস্কাৰ দাতাসকলক লৈ তিনিওগৰাকীক ঘৰে ঘৰে গৈ প্ৰদান কৰে । প্ৰথম  বিজয়ী প্ৰতিযোগী নিতাশ্ৰী ফুকনক পুৰস্কাৰ হিচাবে মটক যুৱ ছাত্ৰ সন্মিলনৰ ডিকম আঞ্চলিকৰ সভাপতি উত্তম গগৈয়ে স্বৰ্গীয় ললিতচন্দ্ৰ গগৈৰ সোঁৱৰণত নগদ দহ হাজাৰ এটকা , এখন মানপত্ৰ, এখন মটক জনগোষ্ঠীয় গামোচা, এটা ফুলাম জাপি আৰু এটি স্মাৰক পুৰস্কাৰ হিচাপে প্ৰদান কৰে ৷ দ্বিতীয় স্থানপ্ৰাপ্ত আমগুৰি মুঢ়ানী গাঁৱৰ প্ৰগতি গগৈক সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় জিলাৰ প্ৰচাৰ সম্পাদক শৰৎ হাজৰিকাই প্ৰয়াত গোপিনাথ হাজৰিকাৰ সোঁৱৰণত নগদ পাঁচহেজাৰ এটকা , এখনি মটক জনগোষ্ঠীয় গামোচা এটি ফুলাম জাপিৰে পুৰস্কৃত কৰে আৰু প্ৰতিযোগিতাখনিত ৩য় স্থান লাভ কৰা ফিজাশ্ৰী ফুকনলৈ চাবুৱাৰ বিন্ধাকটাৰ  সমাজ সেৱক পুলক সোণোৱালে প্ৰয়াত ৰুদ্ৰেশ্বৰ সোণোৱালৰ সোঁৱৰণত নগদ ২৫০১টকা , এখনি ফুলাম গামোচা  এখন মানপত্ৰৰে পুৰস্কৃত কৰে চাবুৱা লাইভে । তিনিওগৰাকী প্ৰতিযোগেক পুৰস্কাৰ বিতৰণৰ সময়ত উপস্থিত আছিল প্ৰতিযোগিতাৰ সম্পাদক অনুপম বুঢ়াগোহাঁই , প্ৰচাৰ সম্পাদক বিশ্বজিত ফুকন, ভিডিঅ সম্পাদনা বিভাগৰ মৃদুপৱন চেতিয়া, চাবুৱা লাইভৰ সংবাদদাতা ৰনদ্বীপ চুৰী আৰু সমাজ সেৱক কফুল গগৈ ৷ উল্লেখ্য যে চাবুৱা লাইভৰ বোৱাৰী বিহুনাচ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাসমূহ অসম ফিল্ম এণ্ড মিউজিক ইনষ্টিটিউট আৰু মা ষ্টুডিঅ’ৰ উদ্যোগত আৰু সংগীতশিল্পী অজয় ফুকনৰ সৌজন্যত অনুষ্ঠিত হ’ব লগা ৰিয়েলিটি শ্ব ' চাবুৱা আইডল'ৰ অডিচনত প্ৰদান কৰিব ৷ অনলাইন বিহু নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকীকে প্ৰমান পত্ৰ দিব বুলি উদ্যোক্তাসকলে জনাইছে।