Page Nav

HIDE

বাঘক গো মাংস যোগানত বাধঃ মাংস কঢ়িওৱা বাহন আৱদ্ধ কৰিলে হিন্দুত্ববাদী সংগঠনে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ ঃ গো-মাংস ভক্ষণক লৈ বিগত সময়তএকাধিক বিতৰ্কৰ সূচনা কৰিছিল। বিশেষকৈ ফ্ৰীজত গো-মাংস ৰখাৰ অভিযোগতেই এজন লো...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ ঃ গো-মাংস ভক্ষণক লৈ বিগত সময়তএকাধিক বিতৰ্কৰ সূচনা কৰিছিল। বিশেষকৈ ফ্ৰীজত গো-মাংস ৰখাৰ অভিযোগতেই এজন লোকক আটক কৰি মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল উত্তৰ প্ৰদেশত। এতিয়া মানুহ নহয়, জন্তুৰ খাদ্যৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। বাঘক যোগান ধৰিব নোৱাৰিব গো-মাংস। মোগল আৰু সভ্যতাৰ যুঁজক লৈ এটা বিশেষ সম্প্ৰদায়ক আক্ৰমণ কৰি থকাৰ সময়তেই অসমত উগ্ৰ হিন্দুত্ববাদী ধবজা উৰুওৱা একাংশ তথাকথিত পাবত গজা সংগঠনে ৰেহাই দিয়া নাই জীৱ-জন্তুৰ খাদ্য-সামগ্ৰীকো। প্ৰকৃতিয়ে নাজানে কোনো ধৰ্ম, কোনো নীতি। সকলো ধৰ্মৰ আওতাত প্ৰাকৃতিকভাৱে জীৱন নিৰ্বাহ কৰা জীৱ-জন্তুৰ খাদ্যক লৈও এতিয়া গেৰুৱাকৰণৰ ৰাজনীতিত নামি পৰিছে একাংশ পাবত গজা সংগঠন। গো-মাংসক কেন্দ্ৰ কৰি আজি ৰাজ্যিক চিৰিয়াখানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 

ৰাজ্যিক চিৰিয়াখানাত বাঘৰ খাদ্যৰ বাবে অনা গো-মাংসৰ বাহন আবদ্ধ কৰি ৰাখে হিন্দুত্ববাদী সংগঠনে। হিন্দুত্ববাদী সংগঠনৰ নেতাসকলে গো-মাংস অনা গাড়ী আবদ্ধ কৰি চিৰিয়াখানাত গো-মাংসৰ যোগান বন্ধ কৰাৰ দাবী উত্থাপন কৰে। বাঘক এতিয়াৰে পৰা গো-মাংস যোগান ধৰিব নোৱাৰিব। প্ৰয়োজন সাপেক্ষে চৰকাৰৰ নীতি-নিৰ্দেশনা সলনি কৰি হ’লেও গো-মাংসৰ যোগান বন্ধ কৰি বাঘৰ বাবে অন্য মাংস যোগানৰ ব্যৱস্থা কৰিবলৈ হিন্দুত্ববাদী সংগঠনটোৱে দাবী উত্থাপন কৰে। লক্ষণীয়ভাৱে গেৰুৱা দল বিজেপিক তৈলমৰ্দন কৰিবলৈ গৈ এই হিন্দুত্ববাদী সংগঠনে জন্তুৰ খাদ্যকো ৰেহাই নিদিলে। কোনো কাৰণতে ৰাজ্যিক চিৰিয়াখানাত বাঘৰ বাবে গো-মাংস যোগান ধৰিব নোৱাৰিব বুলি হিন্দুত্ববাদী সংগঠনৰ সদস্যসকলে হুংকাৰ দিয়ে।

চিৰিয়াখানাৰ বাঘৰ বাবে অনা গো-মাংসৰ বাহন আবদ্ধ কৰাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। মন কৰিবলগীয়া যে আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে এতিয়া হিন্দুত্ববাদৰ কাৰ্ডেৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিছে। বিশেষকৈ চাৰে চাৰি বছৰৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া ধৰ্মীয় মেৰুকৰণক মূল অস্ত্ৰ হিচাপে লৈ ধুবুৰীৰ পৰা শদিয়ালৈকে বিজেপিৰ নেতা-পালিনেতাই বিতৰ্কিত মন্তব্য কৰি আহিছে। ২০১৬ চনৰ শৰাইঘাটৰ ৰণ শেষ হ’ল। ২০২১ চনৰ নিৰ্বাচনৰ মূল ইছ্যু হৈছে এইবাৰ ঔৰংগজেৱ আৰু মোগল। 

এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক মোগল সজাইছে বিজেপি নেতাই। মূলতঃ এটা বিশেষ সম্প্ৰদায়ক মোগলৰ বংশধৰ বুলি কটাক্ষ কৰি নিৰ্বাচনী সভাসমূহত ডিঙিৰ সিৰ ফুলাই বিজেপি নেতাই বিতৰ্কিত ভাষে¸ণৰে ধৰ্মীয় মেৰুকৰণৰ আপ্ৰাণ চেষ্টা চলাইছে। বিজেপিৰ এই ষড়যন্ত্ৰত ইন্ধন যোগাইছে একাংশ হিন্দুত্ববাদী সংগঠনে। তাৰেই এক অংশ হিচাপে আজি ৰাজ্যিক চিৰিয়াখানাৰ বাঘৰ বাবে অনা গো-মাংস যোগানত বাধা প্ৰদান কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। যি কি নহওক, জীৱ-জন্তুৱে কি খাদ্য গ্ৰহণ কৰিব সেয়া হিন্দুত্ববাদী সংগঠনে নিশ্চিত কৰিবলগীয়া হোৱা বিষয়টোৱে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।