Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এফ চি আইৰ চাউল পৰিবহণত ভয়ংকৰ জালিয়াতি ঃ অৰুণাচললৈ চাউল নি অন্তৰ্ধান ১১১খন ট্ৰাক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ অক্টোবৰ ঃ এফচিআইৰ চাউল তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণত সংঘটিত হৈছে ভয়ংকৰ জালিয়াতি। নগাঁৱৰ পৰা অৰুণাচ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ অক্টোবৰ ঃ এফচিআইৰ চাউল তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণত সংঘটিত হৈছে ভয়ংকৰ জালিয়াতি। নগাঁৱৰ পৰা অৰুণাচল প্ৰদেশলৈ চাউল কঢ়িওৱাৰ নামত পাঁচ কোটিতকৈও অধিক টকাৰ জালিয়াতি সংঘটিত হৈছিল। আজি অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ জালত তিনিজনকৈ চৰকাৰী বিষয়া পৰাৰ লগে লগে পোহৰলৈ আহিছে এই ভয়ংকৰ জালিয়াতি। উল্লেখ্য যে ২০১৩-১৪ চনত এফচিআইৰ গুদামৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱাৰ বাবে আৰ কে কে এণ্টাৰপ্ৰাইজক দায়িত্ব দিয়া হৈছিল। কিন্তু চৰম জালিয়াতিৰে এই ফাৰ্মখনে চাউল এফচিআই গুদামৰ পৰা কঢ়িয়াইছিল যদিও নিৰ্দিষ্ট স্থানত পৰিবহণ কৰা নাছিল। আনকি এই বিয়াগোম নিবিদাৰ বাবদ যি বেংক গেৰাণ্টীৰ প্ৰয়োজন আছিল সেয়াও ভুৱা আছিল।

 এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৮ চনত চিবিআইক তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল যদিও চিবিআয়ে ইয়াৰ অনুসন্ধানৰ দায়িত্ব অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা, চমুকৈ বিআইইঅ’ক দিবলৈ আহবান জনোৱাৰ পিছতে বিআইইঅ’ৱে ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৪০৬/৪০২/ ৪৬৮/৪৭১ ধাৰাত ৮/২০১৮ নম্বৰত গোচৰ ৰুজু কৰিছিল। অসমৰ বিভিন্ন স্থানত এফচিআইৰ চাউল হৰলুকীৰ ঘটনা সংঘটিত হোৱাত বিভিন্ন থানাত গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰসমূহো বিআইইঅ’লৈ হস্তান্তৰ কৰা হৈছিল। এই সন্দৰ্ভত পূৰ্বেও বিআইইঅ’ৱে পৰিবহণৰ নিবিদা লাভ কৰা আৰ কে কে এণ্টাৰপ্ৰাইজৰ মজিবুৰ ৰহমান আৰু ৰিছু টাকাক গ্ৰেপ্তাৰ কৰিছিল।

 ইপিনে আজি চাউল হৰলুকীৰ ঘটনাৰ তদন্ত চলাই বিআইইঅ’ৱে তিনিজনকৈ চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিয়াগোম কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। এই সন্দৰ্ভত বিআইইঅ’ৰ অধীক্ষক পূৰবী মজুমদাৰে জানিবলৈ দিয়া অনুসৰি এই সমুদায় কেলেংকাৰীত হাত উজান দিছিল মালিগাঁৱৰ ৰে’লৱেৰ বাণিজ্য বিভাগৰ মুৰববী তথা এফচিআই (অঞ্চল)ৰ প্ৰাক্তন জি এম লক্ষেশ্বৰ শইকীয়া, এফচিআইৰ এজিএম (নিবিদা) ধীৰাম্ব হাজৰিকা (বৰ্তমান অৱসৰপ্ৰাপ্ত), এফচিআই এজি-১ (নিবিদা)ৰ তিলক চন্দ্ৰ ভট্টাচাৰ্য ( বৰ্তমান অৱসৰপ্ৰাপ্ত)। উল্লেখ্য যে নিবিদা লাভ কৰা আৰ কে কে এণ্টাৰপ্ৰাইজ আৰু এই তিনিজন চৰকাৰী বিষয়াই মিলি ১১১খন চাউলভৰ্তি ট্ৰাক হৰলুকী কৰিছিল। যাৰ মূল্য ৫ কোটি টকা। 

এফচিআইৰ পৰা এই ট্ৰাকসমূহত চাউল ভৰ্তি কৰি অৰুণাচললৈ নগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল যদিও গন্তব্য স্থানত উপনীত হোৱা নাছিল। তদুপৰি যিখন বেংক গেৰাণ্টী দিছিল সেইখনো ভুৱা আছিল। ১.২ কোটি টকাৰ বেংক গেৰাণ্টী নগাঁৱৰ হোজাই শাখাৰ পৰা দিব লাগিছিল যদিও চৰম জালিয়াতিৰে গুৱাহাটী শাখাৰ পৰা এখন ভুৱা বেংক গেৰাণ্টীৰে সমগ্ৰ কেলেংকাৰী সংঘটিত কৰিছিল লক্ষেশ্বৰ শইকীয়া, ধীৰাম্ব হাজৰিকা আৰু তিলক চন্দ্ৰ ভট্টাচাৰ্যই। পৰৱৰ্তী পৰ্যায়ত এই সন্দৰ্ভত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিআইইঅ’ৰ অধীক্ষক পূৰবী মজুমদাৰে।

No comments