Page Nav

HIDE

কাজিৰঙাত চোৰাং চিকাৰ ৰোধ কৰা বঁটাপ্ৰাপক দুই আৰক্ষী বিষয়াক সম্বৰ্দ্ধনা

গণ বাৰ্তা, বোকাখাত  , ৩ অক্টোবৰ  : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধন কৰিবলৈ অহা চোৰাং চিকাৰীক প্ৰতিহত কৰি চোৰাং চিকাৰীৰ দৌৰাত্ম্য হ্ৰাস কৰি...


গণ বাৰ্তা, বোকাখাত  , ৩ অক্টোবৰ  : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধন কৰিবলৈ অহা চোৰাং চিকাৰীক প্ৰতিহত কৰি চোৰাং চিকাৰীৰ দৌৰাত্ম্য হ্ৰাস কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰীৰ বঁটা লাভ কৰা দুই আৰক্ষী বিষয়াক আজি বেচৰকাৰী স্বেচ্ছাসেবী সংগঠন আৰণ্যকে সম্বৰ্দ্ধনা জনায় । জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন বনাঞ্চলৰ তুলনাত অতি স্পৰ্শকাতৰ বনাঞ্চল হিচাপে পৰিগণিত হোৱা বুঢ়াপাহাৰ বনাঞ্চলত চোৰাং চিকাৰী ৰোধ কৰাত সক্ষম হোৱা কলিয়াবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া মৃনময় দাস আৰু জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত  বিষয়া নিপু কলিতাক তেওঁলোকৰ উৎকৃষ্ট অৱদান বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য এটা সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ পৰা অহা চোৰাং চিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশেষকৈ বুঢ়াপাহাৰ বনাঞ্চলত সঘনাই গঁড় নিধন কৰি বন আৰু আৰক্ষী বিভাগৰ লোকৰ নিদ্ৰা হৰণ কৰিছিল । ইফালে   কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই বোকাখাত, কলিয়াবৰ, কাৰ্বি আংলং, বিশ্বনাথ আৰক্ষীৰ সৈতে সঘনাই  বৈঠক কৰি ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰী প্ৰতিহত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰে । পৰিকল্পনা মতে আৰক্ষী আৰু বন বিভাগে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে  যুটীয়া অভিযানত নামি পৰাত চলিত বৰ্ষত পূৰ্বৰ তুলনাত কাজিৰঙাত গঁড় নিধনৰ সংখ্যা হ্ৰাস পাইছে । ইতিমধ্যে কাজিৰঙাত গঁড় নিধন কৰিবলৈ অহা কেইবাটাও চোৰাং চিকাৰীক অস্ত্ৰসহ আৰক্ষী আৰু বন বিভাগৰ লোকে যুটীয়া অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ।  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত থকা আৰক্ষীয়ে বন বিভাগৰ সৈতে সমিল মিলেৰে  চোৰাং চিকাৰী ৰোধ কৰাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণ কৰাত বিশেষ ভূমিকা পালন কৰাৰ ফলতেই চলিত বৰ্ষত কাজিৰঙাত গঁড় নিধনৰ সংখ্যা হ্ৰাস পাবলৈ সক্ষম হৈছে বুলি প্ৰকৃতিপ্ৰেমীয়ে মত প্ৰকাশ কৰিছে । উল্লেখ্য আজি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ কাৰ্য্যালয়ত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথ, আৰক্ষী বিষয়া- কৰ্মীৰ উপস্থিতিত  ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসী সংগঠন আৰণ্যকে মুখ্যমন্ত্ৰীৰ বিশেষ উৎকৃষ্ট বঁটা প্ৰাপক আৰক্ষী বিষয়া মৃনময় দাস আৰু নিপু কলিতাক কৰ্ম প্ৰেৰণা বৃদ্ধি কৰাৰ উদ্দেশ্যে  আৰণ্যকৰ জেষ্ঠ প্ৰকল্প বিষয়া আৰিফ হুচেইনে একোখনকৈ গামোচা আৰু এটা মমেন্টৰে  সম্বৰ্দ্ধনা জনাই । উল্লেখ্য ইয়াৰ পূৰ্বেও কাজিৰঙাত চোৰাং চিকাৰীক প্ৰতিহত কৰি ত সফলতা লাভ কৰা আৰক্ষী বিষয়াক আৰণ্যকে সম্বৰ্দ্ধনা জনোৱাৰ লগতে পুৰস্কাৰেৰে উৎসাহিত কৰি আহিছে বুলি জানিব পৰা গৈছে । ইফালে বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰা  ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ গাতে লাগি থকা নতুনডাঙাৰ ছাত্ৰ ছাত্ৰীক আজি আনুষ্ঠানিক ভাৱে  পুৰস্কাৰ বিতৰণ কৰা হয় ।