ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩১ অক্টোবৰ : মিঞা সংগ্ৰহালয়ৰ বিতৰ্ক মাৰ নৌযাওঁতেই এইবাৰ বঙালী কৃষ্টি-সংস্কৃতিৰ সংগ্ৰহালয় বিচাৰি পুনৰ চৰ্চালৈ আহি...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩১ অক্টোবৰ : মিঞা সংগ্ৰহালয়ৰ বিতৰ্ক মাৰ নৌযাওঁতেই এইবাৰ বঙালী কৃষ্টি-সংস্কৃতিৰ সংগ্ৰহালয় বিচাৰি পুনৰ চৰ্চালৈ আহিছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক পত্ৰ প্ৰেৰণ কৰি শংকৰদেৱ কলাক্ষেত্ৰত বঙালী কৃষ্টি-সংস্কৃতিৰ সংগ্ৰহালয় স্থাপনৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে।
উল্লেখ্য যে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে নিজ সমষ্টিত একাংশ ভোটাৰক আকৰ্ষিত কৰাৰ বাবে ৰাজনৈতিক পাশাখেল ৰাজ্যত ইতিমধ্যে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয়ৰ দাবী উত্থাপন কৰি ভোটাৰক আকৰ্ষিত কৰাৰ বাবে ৰাজনীতি কৰাৰ লগতে কালি নিজ সমষ্টিত মিঞাৰ শপত পাঠ কৰাই বিভেদৰ ৰাজনীতি আৰম্ভ কৰিছে।
কংগ্ৰেছ সভাপতি ৰিপুন বৰাই মিঞা বিতৰ্কক লৈ মৌন হৈ থাকিবলৈ নিৰ্দেশ দিয়াৰ পিছতো দলৰ নিৰ্দেশনাক অৱজ্ঞা কৰি কালি নিজ সমষ্টিত নিয়াৰ শপত বাক্য পাঠ কৰায়। ইপিনে শ্বেৰমানৰ পিছতে কংগ্ৰেছৰ আন এগৰাকী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই বঙালী সংগ্ৰহালয়ৰ দাবী উত্থাপন কৰি নিজ সমষ্টিৰ ভোটাৰক সন্তুষ্ট কৰাৰ বাবে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। লক্ষণীয় যে আজি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি সাংবাদিকৰ আগত কয় যে ৰাজ্য চৰকাৰৰ যদি বঙালীৰ প্ৰতি প্ৰীতি আছে তেন্তে বঙালীৰ কৃষ্টি-সংস্কৃতি আগুৱাই নিয়াৰ বাবে শংকৰদেৱ কলাক্ষেত্ৰত সংগ্ৰহালয় স্থাপন কৰক। অসমত বঙালী হৈছে দ্বিতীয় বৃহত্তম ভাষা।
বঙালী সংস্কৃতি অতি চহকী আৰু ইয়াৰ ৰীতি-নীতি-সংস্কৃতি সংগ্ৰহালয়ত ৰখা প্ৰয়োজন। বিজেপিৰ বঙালীৰ প্ৰতি বিশেষ দৰদ আছে। যদি এই দৰদ শুদ্ধয়ে হয় তেন্তে বঙালী সংস্কৃতিৰ সংগ্ৰহালয় স্থাপন কৰক। আনহাতে কংগ্ৰেছ সভাপতি ৰিপুন বৰাই বিধায়ক শ্বেৰমান আলীক মৌন হৈ থাকিবলৈ নিৰ্দেশ দিলেও মিঞা সংগ্ৰহালয় সন্দৰ্ভত বাঘবৰৰ বিধায়কগৰাকীক সমৰ্থন জনায় কমলাক্ষ দে’ পুৰকায়স্থই।
No comments