নতুন দিল্লীঃ ভাৰতত ক ’ ভিড - ১৯ত প্ৰাণহানি হোৱা লোকৰ সংখ্যা এক লক্ষাধিক হৈছেগৈ । ভাৰতত এতিয়াও ...
নতুন দিল্লীঃ ভাৰতত ক’ভিড-১৯ত প্ৰাণহানি হোৱা লোকৰ সংখ্যা এক লক্ষাধিক হৈছেগৈ। ভাৰতত এতিয়াও কোৰোনাৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। দেশজুৰি দৈনিক ৮০ হাজাৰতকৈও অধিক লোক কোৰোনা মহামাৰীত আক্ৰান্ত হৈছে। ইয়াৰ মাজতে আজি ভাৰতত ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা এক লাখ স্পৰ্শ কৰিছে। কোৰোনাত মৃত্যু হোৱা তালিকাত ভাৰত এতিয়াও তৃতীয় স্থানতে আছে। আমেৰিকাত ২,১২,৭০২জন লোকৰ প্ৰাণহানি হৈছে। ব্ৰাজিলত ১,৪৪,৭৬৭ জন লোকৰ প্ৰাণহানি হৈছে। ইয়াৰ পিছতেই কোৰোনাত সৰ্বাধিক মৃত্যু হোৱা লোকৰ তালিকাত ভাৰত আছে। ভাৰতত যোৱা ছেপ্টেম্বৰত ৩০ দিনৰ ভিতৰত ২৮ দিনেই দৈনিক ১ হাজাৰতকৈও অধিক লোকৰ কোৰোনাত মৃত্যু ঘটিছে। ভাৰতত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৬৩,৯৭,৮৯৬ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা এক লক্ষাধিক হৈছেগৈ।
আনহাতে এতিয়ালৈ দেশত ৫৩ লাখতকৈও অধিক লোক সুস্থ হৈ উঠিছে। আনহাতে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে প্ৰকাশ কৰিছে যে ক’ভিড মহামাৰীত দেশত ৫০০তকৈও অধিক চিকিৎসকৰ মৃত্যু ঘটিছে। ক’ভিড মহামাৰীত সন্মুখৰ পৰা নেতৃত্ব দিয়া ৫০০তকৈও অধিক চিকিৎসকৰ মৃত্যু ঘটা বিষয়টোৱে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনক চিন্তিত কৰি তুলিছে। শেহতীয়াকৈ সংসদত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছিল যে ক’ভিড মহামাৰীত দেশত কিমানজন চিকিৎসকৰ প্ৰাণহানি হৈছে সেয়া তেওঁলোকৰ হাতত তথ্য নাই। কিন্তু ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে প্ৰকাশ কৰিছে যে ক’ভিড মহামাৰীত ৫১৫জন চিকিৎসকৰ প্ৰাণহানি হৈছে।
প্ৰাণহানি
হোৱা চিকিৎসকসকলৰ ভিতৰত ২০১ৰ বয়স
৬০-৭০ বছৰৰ ভিতৰত,
১৭১জন চিকিৎসকৰ বয়স ৫০-৬০
বছৰৰ ভিতৰত, ৬৬জন চিকিৎসকৰ
বয়স ৭০ বছৰৰ ঊৰ্দ্ধৰ
আৰু কোৰোনাত প্ৰাণহানি হোৱা ৫৯ জন
ডাক্তৰৰ বয়স ২৯-৫০
বছৰৰ ভিতৰত বুলি প্ৰকাশ
কৰাৰ লগতে এই কথাও
প্ৰকাশ কৰিছে যে প্ৰাণহানি
হোৱা ১৮জন ডাক্তৰৰ বয়স
কমেও ৩৫ বছৰ।
No comments