Page Nav

HIDE

শিৱসাগৰত এ.টি ৰ’ড উন্নীতকৰন, পথ নিৰ্মাণৰ আধাৰশীলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গণ বাৰ্তা, শিৱসাগৰঃ  শিৱসাগৰ আৰু থাওৰা সংমণ্ডলৰ অধীনৰ ২০১৯-২০ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ আঁচনিৰ অন্তৰ্গত মানকটা আলি, ডাউকি আলি, দিচাংমুখ আ...



গণ বাৰ্তা, শিৱসাগৰঃ  শিৱসাগৰ আৰু থাওৰা সংমণ্ডলৰ অধীনৰ ২০১৯-২০ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ আঁচনিৰ অন্তৰ্গত মানকটা আলি, ডাউকি আলি, দিচাংমুখ আলি, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, টেক্সী আলি, বৰ আলি, নাজিৰাৰ আলিৰ পৰা টাইমুৰ আলিলৈকে আৰু ধাই আলিৰ পুণৰ মিৰ্মাণ আৰু বহল কৰা কামৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ স্বাস্থ্য, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজি শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৰিকাপাৰস্থিত শিৱসিংহ উদ্যানৰ সমিপত অনুষ্ঠিত এখনি ৰাজহুৱা সভাত উপস্থিত হৈ অসম চৰকাৰৰ স্বাস্থ্য, বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুঠ ১৫.৪৮ কোটি টকা ব্যয়ৰে আৰম্ভ হ’ব লগা আৰু ১১.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে । উক্ত সভাতে মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰে ৰূপায়ন কৰা বিভিন্ন জনকল্যাণ মূলক আঁচনিৰ সম্পৰ্কে বক্তব্য ৰাখে । শতাধিক ৰাইজৰ  উপস্থিতিত অনুষ্ঠিত সভাখনত অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে  উপস্থিত থাকে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা(স্বতন্ত) ৰাজ্যিক মন্ত্ৰী যোগেন মহন, ৰাজ্য সভাৰ সাংসত কামাখ্যা প্ৰসাদ তাছা, থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক কুশল দূৱৰী আৰু সোণাৰী বিধান সভা সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ ।