ৱাশ্বিংটন, ১৩ অক্টোবৰ ঃ কোৰোনা মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউনে দেশৰ অৰ্থব্যৱস্থাত বৃহৎ আঘাত হানিছে। তাৰ ...
ৱাশ্বিংটন, ১৩ অক্টোবৰ ঃ কোৰোনা মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউনে দেশৰ অৰ্থব্যৱস্থাত বৃহৎ আঘাত হানিছে। তাৰ পোনপটীয়া প্ৰভাৱ পৰিলক্ষিত হৈছে দেশৰ মুঠ ঘৰুৱা উৎপাদন— চমুকৈ জিডিপিৰ। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত দেশৰ জিডিপি -২৩.৯ শতাংশলৈ হ্ৰাস পাইছিল। প্ৰথমবাৰলৈ দেশৰ জিডিপিৰ হাৰ -২৩.৯ শতাংশলৈ নামিছিল। এনে সময়তেই আজি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে দেশৰ জিডিপিক লৈ এক উদ্বেগজনক মন্তব্য প্ৰকাশ কৰিছে। জিডিপিৰ আধাৰতে দেশৰ অৰ্থব্যৱস্থা নিৰূপণ কৰা হয়। কিন্তু এতিয়া দেশৰ জিডিপি অভাৱনীয় হাৰত হ্ৰাস পাবলৈ ধৰিছে। যাক লৈ ইতিমধ্যে দেশৰ অৰ্থনীতিবিদসকলে চিন্তা ব্যক্ত কৰিছে। যোৱা কিছু বছৰ ধৰি দেশৰ জিডিপি দ্ৰুত হাৰত হ্ৰাস পাবলৈ ধৰিছে।
যি সময়ত কেন্দ্ৰীয় চৰকাৰে দেশৰ অৰ্থনীতি ২০২৪লৈ ৫ ট্ৰিলিয়ন কৰাৰ সংকল্প গ্ৰহণ কৰিছে, তেনে সময়তেই দেশৰ জিডিপি বেকফুটলৈ গতি কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে দেশৰ জিডিপিক লৈ প্ৰকাশ কৰা উদ্বেগজনক মন্তব্য অনুসৰি ২০২০ত ভাৰতৰ জিডিপি -১০.৩ শতাংশলৈ নামিব। কিন্তু ২০২১ত ভাৰতৰ জিডিপিত গতি দেখা পোৱা যাব। ২০২১ত ভাৰতৰ জিডিপি ৮.৮ হোৱাৰ আশা প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে। উল্লেখ্য যে ২০১৯ত জিডিপিৰ হাৰ আছিল ৪.২ শতাংশ। চীনক বাদ দি বিশ্বৰ বৃহৎ অৰ্থব্যৱস্থাৰ দেশসমূহত জিডিপি ২০২০ত ঋণাত্মক হোৱা দেখা যাব বুলি প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে।
২০২০ত চীনৰ জিডিপি ১.৯ শতাংশলৈ বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছে এই সংস্থাটোৱে। লগতে এই কথাও প্ৰকাশ কৰিছে যে ২০২০ত সমগ্ৰ বিশ্বত জিডিপিৰ হাৰ -৪.৪ শতাংশলৈ নামিব। আমেৰিকাৰ জিডিপিৰ হাৰ -৫.৮ শতাংশলৈ নামিব। কিন্তু ২০২১ত ৩.৯ শতাংশলৈ বৃদ্ধি পাব। কোৰোনা মহামাৰীৰ বাবেই দেশৰ জিডিপিৰ হাৰ চলিত বৰ্ষত হ্ৰাস পাব বুলি উল্লেখ কৰিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে।
[ কাৰিকৰী অসুবিধাৰ বাবে কিছু সময়ৰ কাৰণে ফেচবুকত শ্বেৰ কৰিব নোৱাৰিব ]
No comments