ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৮ অক্টোবৰ ঃ চৰকাৰী ধনেৰে কোনো কাৰণতে ধৰ্মীয় শিক্ষা প্ৰদান কৰা নহ’ব। ৰাজ্যত মাদ্ৰাছা আৰু সংস্কৃত টোলৰ যোগেদি ধৰ্ম...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৮ অক্টোবৰ ঃ চৰকাৰী ধনেৰে কোনো কাৰণতে ধৰ্মীয় শিক্ষা প্ৰদান কৰা নহ’ব। ৰাজ্যত মাদ্ৰাছা আৰু সংস্কৃত টোলৰ যোগেদি ধৰ্মীয় শিক্ষা চলি থকা সন্দৰ্ভত পুনৰ সৰৱ হৈ পৰে স্বাস্থ্য, শিক্ষা, বিত্ত আৰু গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কেবিনেট উপ-সমিতিৰ বৈঠকত অংশগ্ৰহণৰ পিছত ৰাজ্যত চলি থকা মাদ্ৰাছাসমূহৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অচিৰেই ৰাজ্যত মাদ্ৰাছাসমূহ বন্ধ কৰা হ’ব। আজি সাংবাদিকক এই ইংগিত প্ৰদান কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে নৱেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰে ৰাজ্যত চলি থকা মাদ্ৰাছাসমূহৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। মাদ্ৰাছাত ধৰ্মগ্ৰন্থৰ শিক্ষা প্ৰদান কৰা হয়। চৰকাৰী ধনেৰে কোনো কাৰণতে ধৰ্ম গ্ৰন্থৰ শিক্ষা প্ৰদান কৰা নহ’ব।
এই সন্দৰ্ভত বিধানসভাত চৰকাৰে উপস্থাপন কৰা স্থিতিয়ে এতিয়াও অব্যাহত আছে আৰু শীঘ্ৰেই মাদ্ৰাছাসমূহ বন্ধ কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে জাননী প্ৰকাশ কৰিব। অৱশ্যে ব্যক্তিগতভাৱে কোনোবাই ধৰ্মীয় শিক্ষা দিলে বাধা দিবলগীয়া একো নাই বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। আনহাতে সংস্কৃত টোল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মাদ্ৰাছা আৰু সংস্কৃত টোল একে নহয়। সেয়েহে দুয়োটা বিষয় সন্দৰ্ভত ৰাজ্য চৰকাৰে পৃথকে পৃথকে সিদ্ধান্ত গ্ৰহণ কৰি জাননী প্ৰকাশ কৰিব। মাদ্ৰাছাৰ দৰে টোলৰ শিক্ষা পদ্ধতি একে নহয় যদিও টোলৰ ব্যৱস্থা স্বচ্ছ নহয় আৰু বহু পুৰণি বুলি মন্তব্য প্ৰদান কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে বিধানসভাতো ৰাজ্য চৰকাৰে মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছিল। মাদ্ৰাছাত চৰকাৰী ধনেৰেই ধৰ্মীয় শিক্ষা প্ৰদান কৰা হয় বুলি উল্লেখ কৰিছিল বিধানসভাত আৰু এতিয়াৰে পৰা কোনো কাৰণতে চৰকাৰী ধনেৰে ধৰ্মগ্ৰন্থৰ শিক্ষা প্ৰদান নহ’ব বুলি চৰকাৰে সৰৱ স্থিতি ঘোষণা কৰিছিল। এতিয়া অহা নৱেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰী মাদ্ৰাছা বন্ধ হৈ পৰাটো নিশ্চিত হৈ পৰিব।
No comments