Page Nav

HIDE

চেলেংহাটত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

গণ বাৰ্তা, নকছাৰি, ১৩ অক্টোবৰ :  মৰিয়নী চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত জাঁজী নৈত আজি এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত চাঞ্চল্যৰ ...


গণ বাৰ্তা, নকছাৰি, ১৩ অক্টোবৰ :  মৰিয়নী চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত জাঁজী নৈত আজি এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে চেলেংহাটৰ টেঙাবাৰীৰ সমীপত জাঁজী নদীত উটি অহা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।পিচত পানীৰ জুৱলিত লাগি থকা অৱস্থাত আৰক্ষীয়ে প্ৰায় ৩০উৰ্ধৰ মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে।কমলা ৰঙৰ ব্লাউজ আৰু মেৰুন ৰঙৰ শাৰি পৰিহিত মহিলাগৰাকী বৰ্তমানলৈকে চিনাক্ত হোৱা নাই।অৱশ্যে কি পৰিস্থিতিত মহিলাগৰাকীৰ মৃত্যু হল সেয়া জানিবপৰা  হোৱা নাই যদিও প্ৰাথমিক তদন্তত মহিলাগৰাকীক ধৰ্ষন কৰি হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰিছে। ( সপোন ৰহমান শইকীয়া নকছাৰি। )