Page Nav

HIDE

সাপেখাতীত সদৌ অসম জীৱিকা সখী সন্থাৰ অৱস্থান ধৰ্মঘট পালন

গণ বাৰ্তা , সাপেখাতী ,৩অক্টোবৰ :  সদৌ অসম জীৱিকা সখী সন্থাৰ  কৰ্মচাৰী সকলক চৰকাৰে বিগত দীৰ্ঘ দিনৰপৰা প্ৰয়োজনীয় সুবিধা সমূহ প্ৰদান নকৰাৰ প্ৰত...


গণ বাৰ্তা , সাপেখাতী ,৩অক্টোবৰ :  সদৌ অসম জীৱিকা সখী সন্থাৰ  কৰ্মচাৰী সকলক চৰকাৰে বিগত দীৰ্ঘ দিনৰপৰা প্ৰয়োজনীয় সুবিধা সমূহ প্ৰদান নকৰাৰ প্ৰতিবাদ জনাই আজি জীৱিকা সখী সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সাপেখাতীত আঞ্চলিক ছাত্ৰ সন্থাৰ কার্যলয়ৰ  সন্মুখত দুঘণ্টীয়া  অৱস্থান ধৰ্মঘট  কাৰ্যসূচী পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।প্ৰতিবাদকাৰী সকলে আজি দিনৰ ১০-৩০ বজাৰ পৰা উক্ত  দুঘণ্টীয়া    অৱস্থান ধৰ্মঘট পালন কৰি উক্ত প্ৰতিবাদ স্থলত জীৱিকা সখী সন্থাৰ  কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা দীপালি দত্ত আৰু চৰাইদেউ জিলাৰ সম্পাদিকা উষা হাজৰিকাই বক্তব্য ৰাখে ।উল্লেখযোগ্য যে জীৱিকা সখী সন্থাৰ বিষয় ববীয়া সকলে জানিবলৈ দিয়া মতে মহিলা সৱলীকৰণৰ ওপৰত ২০১২ চনৰ অক্টোবৰ মাহৰ পৰা বৰ্তমানলৈকে  কাম কৰি আহিছে ।ইয়াৰ বিনিময়ত প্ৰথমৰ পৰা  বৰ্তমানলৈকে একে পৰিতোষিকেই দিয়ে ,যাৰ ফলত তেওঁলোকৰ কাম কাজ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে , দিনে ১৫০ হাজিৰাৰে আজিৰ দিনত কোনেও কাম নকৰে । তদুপৰি জীৱিকা সখী সকলে প্ৰতিটো (Report) দিয়াৰ উপৰি পঞ্চায়তৰ লগত জড়িত তথ্য সমূহো দিব লগত পৰে  ।এই বিষয়ে তেওঁলোকে বহুবাৰ উৰ্ধতম কতৃপক্ষক  কেইবাবাৰো অৱগত কৰাৰ পাছতো  কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে।সেয়ে যোৱা ১অক্টোবৰৰ পৰা জীৱিকা সখী সকলে অনিদিষ্ট  কাললৈ  কৰ্মবিৰতী অব্যাহত ৰাখিছে । সন্থাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে তেওঁলোকক  মাহেকীয়া বেতনৰ  হিচাপে ১৫,৫০০ টকা  দিব লাগে , টি.এ. ডি. এ লগতে বিনামূলীয়া চিকিৎসাৰ প্ৰদান কৰিব লাগে ,জি. পি অনুসৰি জীৱিকা সখীক এটাকৈ লেপটপ দিবৰ বাবে সন্থাই চৰকাৰক  দাবী কৰিছে  ।