Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৰিগাঁৱত উৎকোচ লওঁতেই দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ এ এচ আই পংকজ বৰা

  বাবুমণি শৰ্মা, মৰিগাঁও, ১৯ অক্টোবৰ ঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰীয়ে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে আজি মৰি...

 


বাবুমণি শৰ্মা, মৰিগাঁও, ১৯ অক্টোবৰ ঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰীয়ে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে আজি মৰিগাঁৱত এজন আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শকক দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতিৰ অভিযোগত আটক কৰে। খাকী পোছাকত ক’লা দাগ লগোৱা ঘোচখোৰ এই বিষয়াজন হৈছে মৰিগাঁও সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শক পংকজ বৰা। জানিব পৰা মতে উক্ত আৰক্ষী বিষয়াজনে এটি বিশেষ কাৰণত এজন লোকক (তদন্তৰ স্বাৰ্থত লোকজনৰ নাম গোপনে ৰখা হৈছে) দহ হাজাৰ টকা উৎকোচ দাবী কৰিছিল। এই বিষয়ে সংশ্লি­ষ্ট লোকজনে আৰক্ষীৰ ওপৰ মহলৰ লগতে দুৰ্নীতি নিবাৰক শাখাক অভিযোগ কৰে। এই তথ্য লাভ কৰি দুৰ্নীতি নিবাৰক শাখাই বিষয়টোৰ সন্দৰ্ভত বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰে।

 ইয়াৰে অংশস্বৰূপে উক্ত লোকজনে আজি ধৃত বৰাক উৎকোচ¸ৰ ধন দিবলৈ আহে। এই ধনৰাশি গ্ৰহণ কৰাৰ সময়তে পূৰ্বৰ পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ লোকসকলে পংকজ বৰাক আটক কৰে। মৰিগাঁও সদৰ থানাত দুৰ্নীতি নিবাৰক শাখাৰ লোকসকলে ধৃত বৰাক বাতৰি লিখা সময়ত মাৰাথন জেৰা অব্যাহত ৰাখিছে। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে ধৃত বৰাক মাজনিশা অথবা কাইলৈ গুৱাহাটীস্থ দুৰ্নীতি নিবাৰক শাখাৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হ’ব। উল্লেখ্য যে বিগত সময়ত এই বহু বিতৰ্কিত ঘোচখোৰ বিষয়াজন মৰিগাঁও আৰক্ষীৰ যানবাহন শাখাৰ দায়িত্বত থকাৰ সময়তো বিষয়াজনৰ বিৰুদ্ধে বিভিন্ন ৰাজহুৱা অভিযোগ উত্থাপন হৈছিল।

 অৱশেষত আজি এই কলংকিত বিষয়াজন এনেদৰে জালত পৰাত স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে। ইপিনে এই বিষয়াজন আজি আটক হোৱাৰ পিছতেই বিভিন্ন দল-সংগঠনৰ লগতে বহুসংখ্যক লোকে আজি মৰিগাঁও সদৰ থানাৰ সন্মুখত ভিৰ কৰেহি। এই লোকসকলে বিতৰ্কিত বিষয়াজনৰ বিৰুদ্ধে তদন্ত কৰি কঠোৰ পদক্ষেপ লোৱাৰ লগতে তেওঁৰ বিতৰ্কিত কামসমূহত অন্য কোনো আৰক্ষীৰ লগতে কোনো ঊধৰ্বতন বিষয়া জড়িত আছে নেকি এই দিশটোতো তদন্ত কৰিবলৈ দাবী জনাইছে।

No comments