Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এইবাৰ নগাঁৱৰ পূজা মণ্ডপত নাথাকে অত্যধিক কাৰুকাৰ্যৰ চমৎকাৰিত্ব : নিচেই কম বাজেটেৰে অনাড়ম্বৰ ভাৱে অনুষ্ঠিত হ’ব শাৰদীয় দুৰ্গা পূজা

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২২ অক্টোবৰ :  প্ৰতি বছৰে নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত অতি আড়ম্বৰপূৰ্ণভাৱে শতাধিকখন পূজা সমিতিৰ উদ্যোগত ৮০ ...

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২২ অক্টোবৰ :  প্ৰতি বছৰে নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত অতি আড়ম্বৰপূৰ্ণভাৱে শতাধিকখন পূজা সমিতিৰ উদ্যোগত ৮০ হেজাৰ টকাৰ পৰা ১৫-২০ লাখ টকা পৰ্যন্ত বিশাল বাজেটেৰে দুৰ্গা পূজা অনুষ্ঠিত হৈ আহিছে। ইমানদিনে নগাঁৱৰ প্ৰতিখন পূজা সমিতিয়ে ধৰ্মীৰ-সাংস্কৃতিক পৰম্পৰাগত বৈশিষ্ট্য অটুট ৰাখিও অত্যাধুনিক কাৰুকাৰ্যৰ চমৎকাৰিতা, আলোকসজ্জাৰ বাহাৰেৰে ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ চমক সৃষ্টি কৰি আহিছে। অতিমাৰী কোৰোনাসৃষ্ট ভয়ংকৰ পৰিস্থিতি আৰু এই সন্দৰ্ভত চৰকাৰে বলৱৎ কৰা স্বাস্থ্য বিধিৰ পৰিপ্ৰেক্ষিতত এইবাৰ নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত অনাড়ম্বৰ চমকহীন দুৰ্গা পূজা অনুষ্ঠিত হ’ব। তদুপৰি অনিচ্ছাকৃতভাৱেই চহৰখনৰ পথ দখল কৰি পথৰ ওপৰতে প্ৰকাণ্ড পেণ্ডেল দি দুৰ্গা পূজা অনুষ্ঠিত কৰি অহা একাংশ পূজা সমিতিয়ে এইবাৰ পূজা অনুষ্ঠিত নকৰাৰো সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। 

নগাঁও চহৰত কে’বাখনো প্ৰাচীন ঐতিহ্যমণ্ডিত পূজা সমিতিসহিতে একাংশ পূজা সমিতিয়ে কোৰোনাসৃষ্ট ভয়ংকৰ পৰিস্থিতিৰ মাজতো কেৱল ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰিবলৈকে নিচেই কম বাজেটেৰে অনাড়ম্বৰপূৰ্ণভাৱে শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি জিলা প্ৰশাসনৰ অনুমতিৰ বাবে আবেদন দাখিল কৰিছে। স্মৰ্তব্য যে এইবাৰ আগৰ দৰে চহৰখনত বিভিন্ন পূজা সমিতি আৰু ৰাইজৰ মাজত বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাই। চহৰখনত অনুষ্টুপীয়াকৈ হ’লেও অনুষ্ঠিত হ’বলগীয়া দুৰ্গা পূজাসমূহৰ ভিতৰত পাঁচখন পূজাই ইতিমধ্যে শতবৰ্ষ গৰকিছে। আন পাঁচখন পূজা সমিতিয়ে মহাৰজত জয়ন্তী, চাৰিখনে হীৰক জয়ন্তী আৰু ১২খন পূজা সমিতিয়ে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। চহৰখনৰ বেলতলা (খ্ৰীষ্টানপট্টি)ৰ বিখ্যাত জানকী নাথ সেন উকীলৰ ঘৰৰ দুৰ্গা মন্দিৰত এইবাৰ ১৭১সংখ্যক দুৰ্গাপূজা,  হয়বৰগাঁও বীণাপানী পূজা সমিতিৰ উদ্যোগত ১৫১সংখ্যক দুৰ্গা পূজা, নগাঁও বাঙ্গালী সন্মিলনীৰ উদ্যোগত ১২৭সংখ্যক দুৰ্গা পূজা, আমোলাপট্টি পূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৫সংখ্যক দুৰ্গা পূজা, ফৌজদাৰীপট্টি সাৰ্বজনীন দুৰ্গা পূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৩সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত হ’ব। 

আনহাতে, চহৰখনৰ পানীগাঁও কালীবাৰী দুৰ্গা পূজা সমিতিৰ ৯৯সংখ্যক, হিন্দুস্থানপট্টি সাৰ্বজনীন ঠাকুৰবাৰী দুৰ্গা পূজা সমিতিৰ ৯১সংখ্যক, হয়বৰগাঁও বাংগালী পূজাবাৰী সমিতিৰ ৮৮সংখ্যক, নগাঁও পুলিচ ৰিজাৰ্ভ দুৰ্গা পূজা সমিতিৰ ৮৮সংখ্যক, এন এফ ৰে’লৱে পূজা সমিতিৰ ৮০সংখ্যক, ছামাদ্দাৰপট্টি সাৰ্বজনীন পূজা সমিতিৰ ৭৩সংখ্যক, হয়বৰগাঁও ৰে’লৱেৰ সাৰ্বজনীন কালী মন্দিৰত ৭২সংখ্যক, কলংপাৰৰ নেপালী মন্দিৰ সাৰ্বজনীন পূজা সমিতিৰ ৬৮সংখ্যক, বিবেকানন্দপল্লী শাৰদোৎসৱ সমিতিৰ ৬৬সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত হৈছে।

 ঠিক একেদৰে চহৰখনৰ  শান্তিপুৰ যুৱক সমিতিৰ ৬১সংখ্যক, দক্ষিণ হয়বৰগাঁও নাট্য সমিতিৰ ৬১সংখ্যক, ইটানগৰ পূজা সমিতিৰ ৫৯সংখ্যক, চকীটুপ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৫৯সংখ্যক, চীনাপট্টি ছোটহয়বৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৫৮সংখ্যক, শ্ৰীকৃষ্ণাশ্ৰম দুৰ্গা পূজা সমিতিৰ ৫৫সংখ্যক,পানীগাঁও দুৰ্গা মন্দিৰ পূজা সমিতিৰ ৫৫সংখ্যক, শাস্ত্ৰীনগৰ পূজা সমিতিৰ ৫৪সংখ্যক, ডিমৰুগুৰি সাৰ্বজনীন দুৰ্গা পূজাৰ ৫৪সংখ্যক, জ্যোতি ফ্লাৱাৰ মিলৰ  ৫৩সংখ্যক আৰু হয়বৰগাঁও বিজয়ী সংঘৰ ৫৩সংখ্যক দুৰ্গা পূজা তেনেই সীমিত পৰিসৰৰ মাজত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে। বৰ্তমান সময়ত কোৰোনা অতিমাৰীৰ ভয়াৱহতা আৰু ইয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ জিলা দণ্ডাধীশে ইতিপূৰ্বে এক আদেশযোগে আগন্তুক শাৰদীয় দুৰ্গা পূজা উদ্‌যাপনৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি সকলো পূজা কমিটীয়ে ক’ভিড প্ৰট’কল অনুসৰি পূজা অনুষ্ঠিত কৰা, সকলো পূজা কমিটিৰ আয়োজক, পুৰোহিত, স্বেচ্ছাসেৱকসকলৰ কভিড পৰীক্ষা নিশ্চিত কৰা বাধ্যতামূলক কৰা হৈছে। তেওঁলোকে যুটীয়া সঞ্চালক, স্বাস্থ্য সেৱা কাৰ্যালয়ৰ লগত যোগাযোগ কৰি ১৪ অক্টোবৰৰ ভিতৰত সংশ্লি­ষ্ট পৰীক্ষা কেন্দ্ৰত ৰেপিড এন্টিজেন টেষ্ট সমাপন কৰিব লগীয়া হৈছে আৰু সেই ক’ভিড টেষ্টৰ প্ৰতিবেদন জিলা প্ৰশাসনক দাখিল কৰিব লাগিব। যি পূজা কমিটীসমূহে এই পৰীক্ষা সমাপন কৰা নাই, তেনে কমিটীক পূজা অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই। ইপিনে, এইবাৰ পূজা মণ্ডপৰ আশে-পাশে কোনো ধৰণৰ মেলা আদি অনুষ্ঠিত কৰা,পথৰ ওপৰত কোনোধৰণৰ অস্থায়ী পেণ্ডেল নিৰ্মাণ কৰাতো বাধা আৰোপ কৰা হৈছে।

No comments