ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,৩ অক্টোবৰ : যোৰহাটত যাত্ৰী বাসী যান বাহন সমূহে অত্যাধিক ভাড়া বৃদ্ধি কৰাৰ প্ৰতিবাদত আজি যোৰহাটত অসম জাতীয়তাবাদী ...
ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,৩ অক্টোবৰ : যোৰহাটত যাত্ৰী বাসী যান বাহন সমূহে অত্যাধিক ভাড়া বৃদ্ধি কৰাৰ প্ৰতিবাদত আজি যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে যোৰহাট জিলা পৰিবহন বিষয়াৰ কার্যলয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । যুৱ ছাত্ৰ পৰিষদে অভিযোগ কৰে যে যোৰহাটৰ উপকণ্ঠ অঞ্চল সমূহ যেনে তিতাবৰ , মৰিয়নী , টীয়ক , আদি অঞ্চলৰ পৰা অহা যাত্ৰীৰ পৰা মেজিক , টেম্পু , এপে চালক সকলে যাত্ৰীৰ পৰা অত্যাধিক মূল্য আদায় কৰে । এই সন্দৰ্ভত যোৰহাটৰ পৰিবহন বিষয়াই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি আজি জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
No comments