গণ বাৰ্তা বিশেষ, ডিফু, ২১ অক্টোবৰ ঃ ৰাজ্য কঁপাই যোৱা এছ আই কেলেংকাৰীৰ তিনিগৰাকী অভিযুক্তক কালি নিশাই কাৰবি আংলং আৰক্ষীয়ে নিজৰ জিম্মাত লয়। বি...
গণ বাৰ্তা বিশেষ, ডিফু, ২১ অক্টোবৰ ঃ ৰাজ্য কঁপাই যোৱা এছ আই কেলেংকাৰীৰ তিনিগৰাকী অভিযুক্তক কালি নিশাই কাৰবি আংলং আৰক্ষীয়ে নিজৰ জিম্মাত লয়। বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দিবন ডেকা, গুৱাহাটীৰ থেংক ইউ লজৰ স্বত্বাধিকাৰী প্ৰাঞ্জল কুমাৰ শৰ্মা আৰু এছ আই পৰীক্ষাৰ পৰীক্ষাৰ্থী পশ্চিম কাৰবি আংলং জিলাৰ খেৰণিৰ হীৰকজ্যোতি বৰুৱাক কালি নিশা ডিফুলৈ আনি আজি পুৱাৰে পৰা জেৰা কৰি দুপৰীয়া আদালতত হাজিৰ কৰে। উল্লেখ্য যে ২২ ছেপ্টেম্বৰত অনুষ্ঠিত এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত কাৰবি আংলং জিলাৰ পৰা ফাদিল হোৱা বুলি বিভিন্ন নিউজ চেনেলত প্ৰচাৰ হোৱাৰ বাবে কাৰবি আংলঙৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে নিজাববীয়াকৈ ডিফু থানাত এক গোচৰ ৰুজু কৰিছিল ।
উক্ত গোচৰৰ সংক্ৰান্ততে ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতিয়ে কালি গুৱাহাটীৰ পৰা তিনিওজনকে ডিফুলৈ আনি আজি জেৰা কৰি আদালতত হাজিৰ কৰায় । উল্লেখ্য যে পশ্চিম কাৰবি আংলং জিলাৰ খেৰণিৰ হীৰকজ্যোতি বৰুৱাই তেওঁৰ এগৰাকী বন্ধুক এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত দিয়াৰ পিছতে প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য ৰাজহুৱা হয় আৰু পৰীক্ষা বাতিল হৈছিল। সন্ধিয়া এই বাতৰি লিখাৰ পৰলৈকে আদালতে ধৃত তিনিওগৰাকীক আৰক্ষীৰ জিম্মাত দিয়ে নে জে’ললৈ প্ৰেৰণ কৰে জানিব পৰা হোৱা নাই।
No comments