Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টকিঅ’ অলিম্পিকৰ প্ৰস্তুতি চলাবলৈ ইটালী-ফ্ৰান্সলৈ যাব ভাৰতৰ ১৬ জনীয়া বক্সাৰ দল

নতুন দিল্লীঃ আগন্তুক টকিঅ’ অলিম্পিকৰ বাবে প্ৰস্তুতি অথবা অনুশীলন চলাবলৈ ভাৰতৰ ১৬ জনীয়া সদস্যৰ এটা বক্সাৰ দল ইটালী আৰু ফ্ৰান্সলৈ যাব। এই দুখন...

নতুন দিল্লীঃ আগন্তুক টকিঅ’ অলিম্পিকৰ বাবে প্ৰস্তুতি অথবা অনুশীলন চলাবলৈ ভাৰতৰ ১৬ জনীয়া সদস্যৰ এটা বক্সাৰ দল ইটালী আৰু ফ্ৰান্সলৈ যাব। এই দুখন দেশত অলিম্পিকৰ প্ৰস্তুতি চলোৱাৰ বাবে ভ্ৰমণৰ অনুমতি দিছে দেশৰ ক্ৰীড়া মন্ত্ৰালয়ে। উল্লেখ্য যে ১৬ জনীয়া বক্সাৰ দলটোত ১০জন পুৰুষ আৰু ছয় গৰাকী মহিলা আছে। দেশৰ ক্ৰীড়া মন্ত্ৰালয়ে ৩১ লাখ টকা ব্যয় সাপেক্ষে এই দলটোক ৫২ দিনলৈ ইটালী আৰু ফ্ৰান্সলৈ পঠিয়াবলৈ সাজু হৈছে। ইটালীৰ ৰাষ্ট্ৰীয় দলৰ উপৰি আয়াৰলেণ্ড দলৰ সৈতেও অনুশীলন কৰিব। দলটোত মেৰীকমো থাকিব। মেৰীকমো আগন্তুক অলিম্পিকৰ বাবে বিদেশত অনুশীলন কৰিব। 

১০ অক্টোবৰত ১৬ জনীয়া বক্সাৰ দলটোক এনআইএছ পাটিয়ালাত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছে। য’ত তেওঁলোকৰ কোৰোনা ভাইৰাছৰ নমুনা পৰীক্ষা কৰা হ’ব। ১৫ তাৰিখে ইটালী ভ্ৰমণলৈ যাব। তাৰ ২৪ ঘণ্টাৰ পূৰ্বে তেওঁলোকৰ আৰু এবাৰ কোৰোনা পৰীক্ষা কৰা হ’ব। ইয়াৰ পিছত দিল্লী বিমান বন্দৰত আৰু পিছত ৰোম বিমান বন্দৰত কোৰোনা পৰীক্ষা তেওঁলোকৰ কৰা হ’ব। কোৰোনা পৰীক্ষাৰ নিকেটিভ ৰিপৰ্ট অহাৰ পিছতহে তেওঁলোকক অনুশীলৰ মূল স্থানত যোৱাৰ অনুমতি লাভ কৰিব। অৰ্থাৎ ইটালীৰ বক্সাৰ অনুশীলনৰ মূল স্থানত উপস্থিত হোৱাৰ পূৰ্বে চাৰিবাৰ তেওঁলোকৰ কোৰোনা পৰীক্ষা কৰা হ’ব। ১৬ জনীয়া দলটোত মেৰীকমৰ লগতে আছে অমিত পনঘাল, শিৱ থাপা, সাক্ষী, মানিষা আদি।

No comments