Page Nav

HIDE

বৰপথাৰত পথ দুৰ্ঘটনা: নিহত এজন

গণ বাৰ্তা বৰপথাৰ ১৩ অক্টোবৰ : গোলাঘাট জিলাৰ বৰপথাৰত আজি পুৱা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । পাভজান গাঁৱৰ বৰপথাৰ জামুগুৰি সংযোগী পথত প্ৰা...



গণ বাৰ্তা বৰপথাৰ ১৩ অক্টোবৰ : গোলাঘাট জিলাৰ বৰপথাৰত আজি পুৱা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । পাভজান গাঁৱৰ বৰপথাৰ জামুগুৰি সংযোগী পথত প্ৰায় ৪.৩০ বজাত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। গোলাঘাটৰ পৰা বৰপথাৰ অভিমুখে আহি থাকোতে AS-10-C-7988 নম্বৰৰ এখন ব্ৰইলাৰ কঢ়িয়াই অনা গাড়ীয়ে পাভজান গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে । যাৰ ফলত থিতাতে এজন লোক নিহত হয় নিহত লোকজন এতিয়াও চিনাক্ত কৰিব পৰা‌ হোৱা নাই। উল্লেখ্য যে, গাড়ীখনত মুঠ ৫ জন ব্যক্তি আছিল। এতিয়াও পলাতক হৈ  আছে চালকজন ৷ মন কৰিব লগীয়া যে ব্ৰইলাৰ কঢ়িওৱা গাড়ীখনৰ পৰা স্থানীয় ৰাইজে যিয়ে যিমান পাৰে তেনেকৈয়ে ব্ৰইলাৰ ঘৰলৈ লৈ যোৱা পৰিলক্ষিত হয়৷ ইফালে নিহত লোক জনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে আৰু আহত কেইজনক বৰপথাৰৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ( ৰাজকল্প হাজৰিকা বৰপথাৰ গোলাঘাট )