Page Nav

HIDE

১৫৭৪ অতিৰিক্ত শিŽকৰ চাকৰি নিয়মীয়াকৰণ ঃ ১,১৮,৯৯৬ মধ্যাহ্ন ভোজন কৰ্মচাৰীক দিব অতিৰিক্ত ৫০০ টকা

২৯৬০ প্ৰশিক্ষণ নথকা অতিৰিক্ত শিŽকক ‘টিউটৰ’ হিচাপে নিযুক্তি ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ ঃ সমগ্ৰ বিশ্বৰ লগতে অসমতো মাৰাত্মক ক’ভিড-১৯...

২৯৬০ প্ৰশিক্ষণ নথকা অতিৰিক্ত শিŽকক ‘টিউটৰ’ হিচাপে নিযুক্তি


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ ঃ সমগ্ৰ বিশ্বৰ লগতে অসমতো মাৰাত্মক ক’ভিড-১৯ৰ সংক্ৰমণজনিত অতি জটিল আৰু উদ্বেগজনক পৰিস্থিতি আৰু সমাগত শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক্‌ক্ষণত মঙলবাৰে ৰাজ্যৰ একাংশ শিক্ষক-কৰ্মচাৰীলৈ সুখৰ বতৰা কঢ়িয়াই আনে ৰাজ্য চৰকাৰে। অসম চৰকাৰৰ অধীনৰ একাংশ অতিৰিক্ত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ উপৰি সৰ্বশিক্ষা অভিযান মিছনৰ অধীনৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলক অসম চৰকাৰে অতিৰিক্ত ৫০০ টকা দিব বুলি মঙলবাৰে ঘোষণা কৰে ৰাজ্যৰ বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনত এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়— বাজেট ভাষণত আমি যিখিনি আঁচনিৰ কথা কৈছিলো সেইখিনি নিৰন্তৰভাৱে ৰূপায়ণৰ কাম আগবাঢ়িছে। 

বাজেটত ৰাজ্য চৰকাৰৰ অধীনৰ স্বেচ্ছামূলকভাৱে কাম কৰি থকা সকলো শ্ৰেণীৰ কৰ্মচাৰীকে আমি কিবা নহয় কিবা এটা সাহায্য দি আহিছিলো। অংগনৱাড়ী কৰ্মী-সহায়িকা আৰু আশাকৰ্মীক এনে সাহায্য দিয়া হৈছে। কিন্তু মধ্যাহ্ন ভোজন কাৰ্যৰ ক্ষেত্ৰত একো কৰিব পৰা নাছিলো। অসমত মুঠ ১,১৮,৯৯৬ গৰাকী মধ্যাহ্ন ভোজন আঁচনিত কাম কৰি থকা কৰ্মচাৰী আছে। ৰাজ্য চৰকাৰে পূজাৰ আগতে যোৱা পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলোৱে বৰ্তমান ভাৰত চৰকাৰৰ পৰা লাভ কৰি থকা ১,০০০ টকাৰ দৰমহাৰ লগত ৫০০ টকা যোগ কৰি আদায় দিব। মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়ক দুয়োটাকে প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে ৫০০ টকাকৈ মাহেকত প্ৰদান কৰিব। দুৰ্গা পূজাৰ আগতে এই পুঁজি তেওঁলোকৰ বেংক একাউণ্টত জমা হ’ব। ইয়াৰ বাবে বিত্ত বিভাগে ৩৪ কোটি ২০ লাখ টকা মুকলি কৰি দিছে। বছৰত ৰাজ্য চৰকাৰে ইয়াৰ বাবদ ৬০ কোটি টকা ব্যয় কৰিব লাগিব বুলিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। ইফালে ৰাজ্যৰ একাংশ অতিৰিক্ত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

 এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়— ১৯৯১ চনৰ পৰা ২০০১ চনলৈ তেতিয়াৰ চৰকাৰে পদৰ বিপৰীতে কিছু অতিৰিক্ত শিক্ষকক নিযুক্তি দিছিল। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত মনু শৰ্মাই এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (পিআইএল) কৰিছিল। এই আবেদনত তেতিয়াৰ ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৰাজ্যত চাৰি হাজাৰ এনে অতিৰিক্ত শিক্ষক আছে বুলি তথ্য সদৰী কৰিছিল। কিন্তু ২০০১ চনৰ পৰাই কোনো এখন চৰকাৰে এই শিক্ষকসকলৰ সমস্যাৰ স্থায়ী সমাধান কৰা নাছিল। ইয়াৰ মাজতে ঊষা দেৱীৰ আয়োগে উচ্চতম ন্যায়ালয়ক অবৈধ নিযুক্তি তেতিয়াও ৰাজ্য চৰকাৰে নিয়মীয়াকৰণ কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছিল। কিন্তু আমি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক সন্মান কৰি আৰু শিক্ষকসকলৰ সমস্যাক মানৱীয় দৃষ্টিৰে গ্ৰহণ কৰি ২০১৪ চনত মাণ্ডলিক কমিছনাৰসকলৰ হতুৱাই  শিক্ষকসকলৰ বিভিন্ন কাগজ-পত্ৰ পৰীক্ষা কৰা হৈছিল। পৰীক্ষাত একাংশ শিক্ষকে মাজে মাজে দৰমহা পোৱা আৰু দৰমহাৰ লগতে শিক্ষকৰ প্ৰশিক্ষণ পৰ্যন্ত গ্ৰহণৰ তথ্য পোহৰলৈ আহে। ইয়াৰ ভিত্তিত ৰাজ্যিক কেবিনেটে সকলো দিশ পৰ্যালোচনা কৰি যিসকলে ২০০৭ চনলৈ দৰমহাৰ লগতে প্ৰশিক্ষণ লৈছিল তেনে ১,৫৭৪ গৰাকী শিক্ষকৰ পদ নিয়মীয়াকৰণৰ সিদ্ধান্ত লোৱা হয়। এই ১,৫৭৪ গৰাকী শিক্ষকে এতিয়া নিয়মীয়া শিক্ষকৰ পে’ স্কেল অনুসৰি অহা পহিলা নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পদ নিয়মীয়া কৰাৰ লগতে নিয়মীয়া দৰমহা লাভ কৰিব। 

আনহাতে এই পৰ্যায়ৰে ২,৯৬০ গৰাকী শিক্ষক, যিসকলে দৰমহা পায় কিন্তু শিক্ষকৰ প্ৰশিক্ষণ লোৱা নাই, তেওঁলোকক ‘টিউটৰ’ হিচাপে নিযুক্তি দি ‘ফিক্সড’ দৰমহা দিয়া হ’ব। এই ‘টিউটৰ’ৰ ভিতৰতে শিৱসাগৰ জিলাৰ দৰমহা নোপোৱা ১,৫০০ শিক্ষকৰ উপৰি দীৰ্ঘদিন দাবী-আন্দোলন কৰা শিক্ষকসকলো অন্তৰ্ভুক্ত হোৱা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। তেওঁ লগতে উল্লেখ কৰে যে এতিয়াৰে পৰা প্ৰাথমিক শিক্ষা বিভাগৰ পুৰণা সমস্যা থকা শিক্ষকৰ প্ৰায় সকলোৰে সমস্যা সমাধান হ’ব। পূজাৰ পিছত হাই¦³¨লৰ ঠিকাভিত্তিক শিক্ষকসকলেও পে’ স্কেল অনুসৰি নিয়মীয়া হাৰত দৰমহা পাব। উচ্চতৰ মাধ্যমিকৰ ৫১৪গৰাকী শিক্ষকৰ এটা সমস্যা আছে। সেইখিনিক বাদ দি শিক্ষা বিভাগৰ প্ৰায়সকলৰ সমস্যা সমাধান হৈ গ’ল। প্ৰাদেশীকৰণৰ তালিকাও প্ৰস্তুত কৰা হৈছে। সেয়া শীঘ্ৰে ঘোষণা কৰা হ’ব। 

শীঘ্ৰে অনু¿‡ত হ’ব স্পেচিয়েল টেট

অসমত অতিশীঘ্ৰে শিক্ষা বিভাগে অনুষ্ঠিত কৰিব বিশেষ টেট। মঙলবাৰে এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাকী থকা শিক্ষকসকলৰ বাবে এই বিশেষ টেটৰ ব্যৱস্থা কৰিব বুলি তেওঁ সদৰী কৰে। 

[ কাৰিকৰী অসুবিধাৰ বাবে কিছু সময়ৰ কাৰণে ফেচবুকত শ্বেৰ কৰিব নোৱাৰিব  ]