Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট ঢেঁকৰগঢ়াৰ সমাজকৰ্মী কমলা গায়নৰ মৃত্যুত শোক

গণ বাৰ্তা,পশ্চিম যোৰহাট,,২৮ অক্টোবৰ :  যোৰহাট ঢেঁকৰগঢ়াৰ নামনি গায়ন গাঁৱৰ নিবাসী তথা সমাজকৰ্মী কমলা গায়নৰ যোৱা নিশা নিজা বাসগৃহত মৃত্যু হয...


গণ বাৰ্তা,পশ্চিম যোৰহাট,,২৮ অক্টোবৰ :  যোৰহাট ঢেঁকৰগঢ়াৰ নামনি গায়ন গাঁৱৰ নিবাসী তথা সমাজকৰ্মী কমলা গায়নৰ যোৱা নিশা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। তেওঁ বহুদিন ধৰি উচ্চৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ শয্যাগত আছিল। পৰিয়ালৰ লোকে তেওঁক চিকিৎসা অব্যাহত ৰাখিছিল যদিও যোৱা নিশা তেও শেষ নিশ্বাস ত্যাগ কৰে. উল্লেখ্য যে সমাজকৰ্মী কমলা গায়ন গাঁওখনৰ পীতাম্বৰদেৱ গোস্বামী প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতিৰ লগতে গাঁওখনৰ নামঘৰ, অংগনাবাড়ী কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত বিশেষ দায়িত্ব বহন কৰাৰ লগতে ধৰ্মীয় বহু অনুস্থানৰ লগত জড়িত হৈ সেৱা আগবঢ়াই আহিছিল। তেওঁৰ মৃত্যুত গাঁওখনৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনিজন পুত্ৰ-বোৱাৰী, নাতিনী সহ এক বৃহৎ পৰিয়ালক ইহ সংসাৰত এৰি থৈ যায়। সমাজকৰ্মী কমলা গায়নৰ মৃত্যুত স্থানীয় বহু অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

No comments