ষ্টকহম, ৮ অক্টোবৰ : অৰ্থনীতি, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ পিছত আজি ছুইডিছ একাডেমীয়ে এই বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰে...
ষ্টকহম, ৮ অক্টোবৰ : অৰ্থনীতি, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ পিছত আজি ছুইডিছ একাডেমীয়ে এই বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰে। ছুইডিছ একাডেমীয়ে ঘোষণা কৰা অনুসৰি এই বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছে আমেৰিকাৰ কবি লুইচ গ্লুকে। ছুইডিছ একাডেমীয়ে প্ৰকাশ কৰা অনুসৰি, স্পষ্ট কাব্য কণ্ঠস্বৰৰ বাবে তেওঁলৈ এই বৰ্ষৰ সাহিত্যৰ ন’বেল আগবঢ়োৱা হৈছে। উল্লেখ্য যে ১৯৯৩ চনৰ পিছত সাহিত্যৰ ন’বেল লাভ কৰা তেওঁ প্ৰথমগৰাকী আমেৰিকান। ১৯৯৩ চনত আমেৰিকাৰ টনী মৰিছনে সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছিল। আনহাতে সাহিত্যৰ ন’বেল বঁটা লাভ কৰা তেওঁ হৈছে বিশ্বৰ ১৬ স্থানপ্ৰাপ্ত মহিলা।
আনহাতে ২০১০ৰ পিছত সাহিত্যৰ ন’বেল বঁটা লাভ কৰা তেওঁ হৈছে চতুৰ্থগৰাকী মহিলা। কবি লুইচ গ্লুকে তেওঁৰ প্ৰখ্যাক কাব্যগ্ৰন্থ ‘দ্য ৱাইল্ড আইৰিছ’ৰ বাবে ১৯৯৩ চনত পুলিৎজাৰ প্ৰাইজ লাভ কৰাৰ লগতে ২০১৪ত নেচনেল বুক এৱাৰ্ড লাভ কৰিছিল। ইয়াৰ লগতে এই কাব্যগ্ৰন্থখনৰ বাবে বহু সন্মান বুটলিবলৈ সক্ষম হৈছিল। ১৯৪৩ চনত নিউয়ৰ্কত জন্মগ্ৰহণ কৰা কবি লুইচ গ্লুক ইয়ালা ইউনিভাৰ্ছিটীৰ ইংৰাজী বিভাগৰ প্ৰফেছৰ ৰূপে কৰ্মৰত হৈ আছে। ন’বেল পুৰস্কাৰ কমিটীৰ অধ্যক্ষ এনৰেছ অলচনে প্ৰকাশ কৰে যে লুইচ গ্লুকৰ কাব্যগ্ৰন্থত স্পষ্টবাদী ভাবধাৰা ফুটি উঠে। তেওঁৰ কাব্যগ্ৰন্থত নতুন মাত্ৰা পোৱা যায়।
No comments