ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩০ অক্টোবৰ : অসমৰ চাহ উদ্যোগলৈ পুনৰ আশাৰ ৰেঙনি সঞ্চাৰিত হৈছে। বিগত বৰ্ষসমূহত অসমৰ উন্নত মানৰ চাহে বজাৰ দখল কৰা...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩০ অক্টোবৰ : অসমৰ চাহ উদ্যোগলৈ পুনৰ আশাৰ ৰেঙনি সঞ্চাৰিত হৈছে। বিগত বৰ্ষসমূহত অসমৰ উন্নত মানৰ চাহে বজাৰ দখল কৰাৰ লগতে উচ্চ হাৰত বিক্ৰী হোৱাৰ অভিলেখ গঢ়িছিল। পুনৰ এবাৰ চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলো চাহপাত অভিলেখসংখ্যক মূল্যত বিক্ৰী হোৱাৰ পিছতে এতিয়া অসমৰ চাহ খেতিয়কৰ মাজত আনন্দ পৰিলক্ষিত হৈছে। কোৰোনাৰ বাবে স্থৱিৰ হৈ পৰা ৰাজ্যৰ চাহ উদ্যোগত নতুন গতিৰ সঞ্চাৰ কৰি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰাম চাহপাত নিলাম হ’ল ৭৫ হাজাৰ টকাত। ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাত উৎপাদিত এক বিশেষ চাহপাত প্ৰতি কিলো গ্ৰামত ৭৫ হাজাৰ টকাকৈ নিলাম হৈছে। কনটেম্প’ৰেৰী ব্ৰ’কাৰ্ছ প্ৰাঃ লিঃ নামৰ নিলামকাৰী সংস্থাটোৰ পৰা গুৱাহাটীৰ বিষ্ণু টি কোম্পানীয়ে মনোহাৰী বাগিচাৰ বিশেষ চাহবিধ প্ৰতি কিলোগ্ৰামত ৭৫ হাজাৰ টকাকৈ মুঠ ১,২০০ কিলোগ্ৰাম চাহ ক্ৰয় কৰিছে।
উল্লেখ্য বিগত বৰ্ষতো গুৱাহাটী চাহ নিলাম কেন্দ্ৰই অভিলেখৰ গঢ়াৰ ধাৰা অব্যাহত ৰাখি পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰতি কেজি চাহ ৭৫,০০০ টকা মূল্যত বিক্ৰীৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ, ক্ৰয় সংস্থাৰ সম্পাদক দীনেশ বিহানীয়ে প্ৰকাশ কৰা মতে দিকম চাহ বাগিচাত উৎপাদিত ‘গোল্ডেন বাটাৰফ্লাই’ চাহে বিগত বৰ্ষত বিক্ৰীৰ ক্ষেত্ৰত চৰা দামৰ নতুন অভিলেখ ৰচনা কৰিছিল। যোৱা বছৰ গুৱাহাটীৰ আটাইতকৈ পুৰণি এমযএছ আছাম টি ট্ৰেডাৰ্ছে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে বিশেষ চাহবিধ ক্ৰয় কৰিছিল।
বৰ্তমান সময়ত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ গুণগত আৰু বিশেষ চাহৰ বাবে পৃথিৱীৰ গুৰুত্বপূৰ্ণ নিলাম কেন্দ্ৰত পৰিণত হৈছে। উল্লেখ্য যে ২০১৮ বৰ্ষৰ ৩১ জুলাইত মাইজান চাহ বাগিচাৰ ‘মাইজান অৰ্থ’ডক্স গোল্ডেন টি’য়ে প্ৰতি কেজিৰ বিনিময়ত ৭০,৫০১ টকা মূল্য লাভ কৰি অভিলেখ গঢ়িছিল। তাৰ পূৰ্বে ২০১৯ বৰ্ষত ‘মনোহাৰী গোল্ডেন টি’য়ে প্ৰতি কেজি চাহ ৫০,০০০ টকাত বিক্ৰীৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। এইবাৰ পুনৰ মনোহাৰী বাগিচাৰ চাহ প্ৰতি কিলোত ৭৫ হাজাৰ টকা দৰত নিলাম হোৱাত উৎফুল্ল হৈ পৰিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ ক্ৰয় সংস্থাৰ সম্পাদক দীনেশ বিহানী।
No comments