গণ বাৰ্তা, ডিব্ৰুগড়, ২১ অক্টোবৰঃ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ লেঙেৰী মৌজাৰ অন্তৰ্গত চহৰীকটা ৰমাই লাছন গাঁও বুঢ়ীদিহিং নদীৰ ভয়াবহ গৰাখহনীয়া...
গণ বাৰ্তা, ডিব্ৰুগড়, ২১ অক্টোবৰঃ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ লেঙেৰী মৌজাৰ অন্তৰ্গত চহৰীকটা ৰমাই লাছন গাঁও বুঢ়ীদিহিং নদীৰ ভয়াবহ গৰাখহনীয়াৰ কৱলত পৰিছে। খহনীয়াত গাঁওখনৰ বহু কৃষিভূমি জাহযোৱাৰ উপৰিও গাঁও জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। যোৱা কে'বাবছৰ ধৰি বুঢ়ীদিহিং নদীপৰীয়া গাঁও খনৰ খহনীয়াই খেতিপথাৰ গ্ৰাস কৰাৰ পিছতো অদ্যপৰিমি ডিব্ৰুগড় জিলাৰ জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰক্ষাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰমাই লাছন গাঁওবাসীয়ে। অনতিপলমে ৰমাই লাছন গাঁৱৰ বুঢ়ীদিহিং নদীৰ খহনীয়া প্ৰতিৰোধী আঁচনি গ্ৰহণ নকৰিলে গাঁওখনৰ বহুত খেতিপথাৰ নদীৰ বুকুত জাহযোৱাৰ আশংকাই স্থানীয় ৰমাই লাছন গাঁওবাসীৰ মাজত উদ্বিগ্নতা সৃষ্টি কৰিছে।
No comments