Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিপিআইত টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ উত্তাল প্ৰতিবাদঃ ডিএলএড সম্পূৰ্ণ কৰাৰ পিছতো আবেদনৰ পৰা বঞ্চিত কৰাত ক্ষোভ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ অক্টোবৰ : আজি হাতে হাতে প্লে’ কাৰ্ড লৈ কাহিলিপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ স...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ অক্টোবৰ : আজি হাতে হাতে প্লে’ কাৰ্ড লৈ কাহিলিপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পাঁচ শতাধিক ডিএলএড ডিগ্ৰীধাৰী টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে। ২০১৮-২০ বৰ্ষত উত্তীৰ্ণ পাঁচ শতাধিক ডিএলএড ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে শিক্ষকৰ যোগ্যতা অৰ্জনৰ বাবে ডিএলএড পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত টেট উত্তীৰ্ণ হোৱাৰ পিছতো শিক্ষক পদৰ বাবে আবেদন কৰিবলৈ নিদিয়াত ক্ষোভ প্ৰকাশ কৰি আজি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আবেদনৰ সময়সীমা বৃদ্ধি কৰাৰ লগতে মেধাসম্পন্ন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ বাবে আজি দাবী জনাই পাঁচ শতাধিক টেট উত্তীৰ্ণ ডিএলএড ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে। 

প্ৰতিবাদকাৰী টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ অভিযোগ শিক্ষা বিভাগৰ ভুলৰ বাবেই পাঁচ শতাধিক যোগ্য প্ৰাৰ্থীৰ ভৱিষ্যৎ এতিয়া অন্ধকাৰ। সময়মতে ডিএলএডৰ ফলাফল ঘোষণা কৰা হ’লে শিক্ষকৰ পদত আবেদনৰ বাবে যোগ্য হ’লহেঁতেন এই পাঁচ শতাধিক প্ৰাৰ্থী। কিন্তু শিক্ষা বিভাগৰ অৱহেলাৰ বাবেই এতিয়া সম্পূৰ্ণ যোগ্যতা থকাৰ পিছতো শিক্ষকৰ পদত আবেদনৰ পৰা বঞ্চিত হ’বলগা হৈছে। আবেদন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত ফলাফল ঘোষণা কৰাত এতিয়া আশাহত হৈ পৰিছে এইসকল প্ৰাৰ্থী। উল্লেখ্য যে নিযুক্তিৰ পৰা বঞ্চিত এইসকল প্ৰাৰ্থীয়ে পূৰ্বতে শিক্ষামন্ত্ৰীক স্মাৰক-পত্ৰ প্ৰদান কৰিছিল যদিও আবেদনৰ সময়সীমা বৃদ্ধি নকৰাত আজি প্ৰতিবাদমুখৰ হৈ পৰে ডিএলএড ডিগ্ৰীধাৰী টেট উত্তীৰ্ণ শিক্ষাৰ্থীসকল। 

No comments