Page Nav

HIDE

দুদিনীয়া চৰকাৰী ভ্ৰমণ সুচীৰে মাজুলীত মুখ্যমন্ত্ৰী

কাৰ্বন প্ৰশমিত মাজুলী' প্ৰকল্পৰ  বনানীকৰণ ক্ষেত্ৰ পৰীদৰ্শন  ১০০০ জোপা গছ-পুলি ৰোপণেৰে মাজুলীত গঢ়ি তোলা হব সাহিত্যৰথী তপোবন | পৰাণজ্যোতি ...

কাৰ্বন প্ৰশমিত মাজুলী' প্ৰকল্পৰ  বনানীকৰণ ক্ষেত্ৰ পৰীদৰ্শন  ১০০০ জোপা গছ-পুলি ৰোপণেৰে মাজুলীত গঢ়ি তোলা হব সাহিত্যৰথী তপোবন

|

পৰাণজ্যোতি বৰা, মাজুলী,৪,অক্টোবৰ : মাজুলী ভাৰতৰ প্ৰথম খন কাৰ্বন মুক্ত জিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। দেশৰ ভিতৰত কাৰ্বন প্ৰশমিত প্ৰকল্প মাজুলীতেই প্ৰথম আৰম্ভ হৈছে।এই প্ৰকল্পৰ জড়িয়তে মাজুলীৰ জলবায়ু, জৈৱ বৈচিত্ৰ্যক শক্তিশালী ৰূপত সুৰক্ষিত কৰাত সহায়ক হব। দুদিনীয়া চৰকাৰী ভ্ৰমণ সুচীৰে আজি বিয়লি নিজ সমষ্টি মাজুলীত উপস্থিত হৈ মাজুলী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কমলাবাৰী পাৰঘাটৰ সমীপত 'কাৰ্বন প্ৰশমিত মাজুলী' প্ৰকল্পৰ অধীনৰ বনানীকৰণ ক্ষেত্ৰ পৰীদৰ্শন কৰি এনেদৰে কয়।ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে  কয় যে -মাজুলীৰ দৰে অন্য জিলাতো এনেধৰণৰ প্ৰকল্প গ্ৰহণ কৰা হব।মাজুলীত ১০০০ জোপা গছ-পুলি ৰোপণেৰে সাহিত্যৰথী তপোবন নামেৰে অন্য এখন বনাঞ্চল স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।আজি আগবেলা নিৰ্ধাৰিত চৰকাৰী অনুষ্ঠান বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত বিয়লি উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে পোনেই কমলাবাৰী ক্ৰীড়া প্ৰকল্পত অসম ক্ৰিকেট সন্থাৰ প্ৰস্তাৱিত ক্ৰিকেট ষ্টেডিয়ামস্থলী পৰিদৰ্শন কৰে।তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কমলাবাৰী পাৰঘাটৰ সমীপত 'কাৰ্বন প্ৰশমিত মাজুলী' প্ৰকল্পৰ অধীনৰ বনানীকৰণ ক্ষেত্ৰ পৰীদৰ্শন কৰে।উল্লেখযোগ্য যে ভাৰতৰ বন্ধুৰাষ্ট্ৰ কুৱেইটৰ  'আমিৰ' (ৰজা)ৰ মৃত্যত ভাৰত চৰকাৰে আজি এদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত বনগাঁৱৰ বিদ্যুৎ উপকেন্দ্ৰটোৰ আজি আগবেলাৰ উদ্বোধনী অনুষ্ঠান স্থগিত কৰা হৈছিল।  মুখ্যমন্ত্ৰীয়ে কাইলৈ  পুৱা ১০.০০ বজাত উক্ত বিদ্যুৎ উপকেন্দ্ৰটো উদ্বোধন কৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।ইফালে মুখ্যমন্ত্ৰীয়ে আজি দৰিয়াডুবিৰ সমীপত মহিলা আত্মসহায়ক গোটসমূহৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰী কেন্দ্ৰো পৰিদৰ্শন কৰে।