Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লেখাপানী খৰাংকংত দুটি শিশু পুখুৰীত পৰি সলিল সমাধি

গণ বার্তা ,লেখাপানী, ১৯ অক্টোবৰ :  তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত খৰাংকং গাঁৱৰ দুটা  শিশু নিৰুদ্দেশ হোৱাত সমগ্ৰ অঞ্চলটি তীব...


গণ বার্তা ,লেখাপানী, ১৯ অক্টোবৰ :  তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত খৰাংকং গাঁৱৰ দুটা  শিশু নিৰুদ্দেশ হোৱাত সমগ্ৰ অঞ্চলটি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল  । দেওবাৰে দুপৰীয়া ঘৰৰ কাষতে খেলি থকা অৱস্থাত নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছিল । নিৰুদ্দেশ হোৱা শিশু কেইজন ক্ৰমে দেৱজিত শইকীয়াৰ পুত্ৰ কপিল শইকীয়া বয়স ৭ বছৰ আৰু কৃষ্ণ কান্ত সন্দিকৈৰ (বুবুল) পুত্ৰ বিতোপন সন্দিকৈ ওৰফে বিপ্লৱ বয়স ৮ বছৰ । প্ৰায় ১২ ঘণ্টা ধৰি নিৰুদ্দেশ হোৱা শিশু দুটা আজি পুৱাই ঘৰৰ ওচৰৰ এটা দ -পুখুৰীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । লগে লগে স্থানীয় ৰাইজৰ সহযোগত লেখাপানী আৰক্ষীয়ে ওপঙি থকা মৃতদেহ দুটা উদ্ধাৰ কৰে । বৰ্তমানে সমগ্ৰ অঞ্চলটোত এক শোকাকুলৰ পৰিবেশৰ সৃষ্টি হৈ পৰিছে । উদ্ধাৰ হোৱা মৃতদেহ কেইটা আৰক্ষীয়ে মৰুণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসমৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে যৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ।  ( লেখাপানীৰ পৰা শৰৎ গগৈ  )

No comments