Page Nav

HIDE

প্ৰয়াত বন্ধুৰ বাবে এদল সতীৰ্থৰ বদান্যতা

গণবাৰ্তা বিশেষ, যোৰহাট ,  ৯ অক্টোবৰঃ  যোৱা ৩০ আগষ্ট তাৰিখে এক পথ দুৰ্ঘটনাত প্ৰান হেৰুওৱা যোৰহাট মাছৰহাট নিবাসী স্বৰ্গজিত বৰুৱাৰ একালৰ সতীৰ্থ...


গণবাৰ্তা বিশেষ, যোৰহাট ,  ৯ অক্টোবৰঃ  যোৱা ৩০ আগষ্ট তাৰিখে এক পথ দুৰ্ঘটনাত প্ৰান হেৰুওৱা যোৰহাট মাছৰহাট নিবাসী স্বৰ্গজিত বৰুৱাৰ একালৰ সতীৰ্থ বন্ধু সকলে দুটি লৰাছোৱালীৰ ভৱিষ্যত সুৰক্ষা তথা  শিক্ষা দিক্ষাৰ বাবে একলাখ টকাৰ এক অৰ্থ সাহায্য প্ৰদান  কৰে ৷ ২০১০ চনতে গঠিত হোৱা যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ৰ ১৯৭৯ চনৰ প্ৰাক্তন ছাত্ৰৰ গোট " সতীৰ্থ মিলন ৭৯ " ৰসদস্য গৰাকীক এক অনুষ্ঠানত গোটৰ সভাপতি প্ৰদীপ ঠাকুৰ , সম্পাদক জয়ন্ত নাথ , শ্যামন্ত ঠাকুৰ , ৰাতুল বৰুৱা , প্ৰনব দলৈ আৰু দিগন্ত বৰদলৈ উপস্থিত থাকে ৷ অসমৰ বিভিন্ন ঠাইত কৰ্মৰত সদস্য সকলৰ সহাৰিয়ে এই  সাহায্য প্ৰদানত সহায় কৰে ৷ ইয়াৰ আগতেও বহু সতীৰ্থক বিভিন্ন সময়ত  গোটৰ পৰা সহায় আগবঢ়োৱা হৈছে  আৰু ভৱিষ্যতেও ইয়াক চলাই নিয়াৰ কথা গোটৰ কৰ্মকৰ্তা সকলে অৱগত কৰে ৷ লগতে বন্ধুক বিপদত সহায় এক মহান সেৱা বুলিও অৱগত কৰে ৷