Page Nav

HIDE

চাবুৱাত মটক মহিলা কোষৰ কেন্দ্ৰীয় সমিতি গঠন

গণ বাৰ্তা, চাবুৱা,১২অক্টোবৰঃ  মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন মটক মহিলা কোষ,অসমৰ কেন্দ্ৰীয় সমি...


গণ বাৰ্তা, চাবুৱা,১২অক্টোবৰঃ  মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন মটক মহিলা কোষ,অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ পৰিষদৰ সভাখনি চাবুৱা উত্তৰ পূব ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত কালি  অনুস্থিত হৈ যায়।মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনি পৰিচালনা কৰে সংগঠনৰ সভাপতি তুষাৰ ৰঞ্জণ চেতিয়াই। সাধাৰণ পৰিষদৰ সভাতে শ্ৰীমতী কাবেৰী দত্ত বৰুবাক সভানেত্ৰী,ইন্দ্ৰলতা গোঁহাই বৰুৱাআৰু মৌচুমী নেওঁগক  উপ সভানেত্ৰী,হিমাদ্ৰী গোঁহাই বৰুৱাক সম্পাদিকা,চন্দ্ৰামণি মৰাণ আৰু নীলাক্ষী গগৈক সহ সম্পাদিকা,পূৰ্ণিমা দত্ত বৰুৱা আৰু উষাৰাণী গোঁহাইক সাংগঠনিক সম্পাদিকা,জ্যোতিমনী চেতিয়াক প্ৰচাৰ সম্পাদিকা হিচাপে লৈ ২৭ জনীয়া পূৰ্ণাংগ মটক মহিলা কোষ,অসমৰ কেন্দ্ৰীয়  সমিতি খন গঠন কৰে । উক্ত সভাত  কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি নিযুত বৰা,বিজু বৰুৱা,সহঃসম্পাদক অনন্ত বৰুৱা,দিগন্ত দত্ত,সাংস্কৃতিক সম্পাদক সঞ্জু গগৈ,অৰূপ বৰপাত্ৰ গোহাঁই উপস্থিত থাকে ।