ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,২ অক্টোবৰ : মহামানৱ মহাত্মা গান্ধীৰ ১৫১ তম জন্ম জয়ন্তীৰ উপলক্ষে নিমাতি ঘাটত চাফাই কাম কৰা হয় । উল্লেখ্য যে যোৰহাট...
ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,২ অক্টোবৰ : মহামানৱ মহাত্মা গান্ধীৰ ১৫১ তম জন্ম জয়ন্তীৰ উপলক্ষে নিমাতি ঘাটত চাফাই কাম কৰা হয় । উল্লেখ্য যে যোৰহাট জিলা খোৱাপানী আৰু অনাময় সমিতিৰ উদ্যোগত স্বচ্ছভাৰত অভিযান ( গ্ৰামীণৰ ) সহযোগত নিমাতী ঘাটৰ , অফলামুখ ফেৰী ঘাট , আৰু কমলাবাৰী ফেৰী ঘাটত এক চাফাই কায্যসুচী ৰূপায়ণ কৰে । আৰম্ভণিতে সমাজকৰ্মী জগন্নাথ অগ্নি বৰাই গান্ধী জয়ন্তী সম্পৰ্কত আৰু স্বচ্ছভাৰত অভিযানৰ সম্পৰ্কত উপস্থিত সকলক বুজাই কয় ।নিমাতী অঞ্চলৰ উদীয়মান যুৱক ৰাজীৱ দত্ত ,বিতুপন দত্ত , কুশল কলিতা ,ৰাজা ইকীয়া ,সপোন শ ইকীয়া ,ধ্ৰুৱ শ ইকীয়া , দিব্যজ্যোতি ভড়ালী , দিলীপ কলিতা আদিয়ে প্লাষ্টিক জাতীয় সামগ্ৰী বোৰ ঠেলাত ভৰাই নিদিষ্ট দুৰত্বত সংৰক্ষণ কৰে । ১৮২ নং বুথ সমিতিৰ সদস্য সকলে সহযোগিতা কৰা চাফাই কায্যসুচী স্থানীয় ৰাইজে প্ৰশংসা জনাই ।
No comments