Page Nav

HIDE

নগাঁৱৰ অসমীয়া গহনা ব্যৱসায়ীক হত্যা : এজন হত্যাকাৰীৰ মৃত্যু

ষ্টাফ ৰিপ’ৰ্টাৰ, গণ বাৰ্তা, বঢ়মপুৰ, ৪ অক্টোবৰ ঃ  নগাঁৱৰ ৰণথলীৰ যুৱ ব্যৱসায়ী তথা নগাঁও চহৰৰ ‘গহনা’ নামৰ অসমীয়া গহনা প্ৰতিষ্ঠানখনৰ স্বত্বাধিকা...

ষ্টাফ ৰিপ’ৰ্টাৰ, গণ বাৰ্তা, বঢ়মপুৰ, ৪ অক্টোবৰ ঃ  নগাঁৱৰ ৰণথলীৰ যুৱ ব্যৱসায়ী তথা নগাঁও চহৰৰ ‘গহনা’ নামৰ অসমীয়া গহনা প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী প্ৰশান্ত বণিয়াৰ হত্যাকাণ্ডক লৈ আজি ৰণথলীত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। শনিবাৰে সন্ধিয়া নগাঁও চহৰৰ পৰা নিজ গৃহলৈ ঘূৰি আহি ঔষধ ক্ৰয় কৰিবলৈ ওলাই গৈছিল প্ৰশান্ত বণিয়া। কিন্তু ঘৰৰ সমীপতে ৰজাভেটি তিনিআলিত প্ৰশান্তৰ গাড়ী আগচি ধৰি চিকেন ওৰফে চিকেন্দ্ৰজিতে চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে প্ৰশান্তক। জানিব পৰা মতে, আজিৰ পৰা কেইদিনমান পূৰ্বে প্ৰশান্ত বণিয়াৰ কৰ্মচাৰী চিকেন্দ্ৰজিতে সোণৰ গহনা চুৰি কৰি ধৰা পৰিছিল। যি কাৰণত প্ৰশান্তই অপদস্থ কৰিছিল। 

এই ঘটনাৰ পোতক তুলিবলৈকে কালি সন্ধিয়া নৃশংসভাৱে হত্যা কৰে প্ৰশান্তক। এই ঘটনাৰ পিছতে চিকেন্দ্ৰই নিশা এঘৰ মানুহৰ বাথৰূ¸মত আত্মগোপন কৰি আছিল। কিন্তু পুৱা ক্ষোভিত ৰাইজে চিকেন্দ্ৰৰ সন্ধান পোৱাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে চিকেন্দ্ৰক আইনৰ হাতত দিয়াৰ সলনি ৰাইজৰ আদালতত চৰম শাস্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চিকেন্দ্ৰক উদ্ধাৰ কৰি থানালৈ লৈ অনাৰ চেষ্টা কৰে যদিও ৰাইজে চিকেন্দ্ৰক আৰক্ষীক গতাই দিবলৈ মান্তি নহয়। এই লৈ আৰক্ষী আৰু জনতাৰ মাজত বাক-বিতণ্ডাৰো সৃষ্টি হয়। উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে যদিও ৰাইজক ছত্ৰভংগ দিয়াত ব্যৰ্থ হয়। পিছত ঘটনাস্থলীত চি আৰ পিএ ফৰ দল উপস্থিত হৈ লাঠিচালনা কৰিবলৈ বাধ্য হয়।

আৰক্ষীয়ে হত্যাকাৰী চিকেন্দ্ৰক গ্ৰেপ্তাৰ কৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকেন্দ্ৰৰ ইতিমধ্যে চিকিৎসালয়ত মৃত্যু ঘটে। ইফালে হত্যাকাণ্ডত জড়িত চিকেন্দ্ৰৰ ভাতৃ কালামকো ৰাইজে আটক কৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে যদিও কালামৰো অৱস্থা বৰ্তমান সংকটজনক। উল্লেখ্য যে ৰণথলীৰ জীৱন বণিয়া আৰু মামণি বণিয়াৰ ডাঙৰ পুত্ৰ প্ৰশান্তই মৃত্যুৰ সময়ত ন মহীয়া সন্তানসহ পত্নীক ইহ সংসাৰত এৰি গৈছে।