Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টোকোলাইৰ সন্মূখত প্ৰতিবাদত বহিল চাহ শ্ৰমিক

গণবাৰ্তা বিশেষ, যোৰহাট, ৭ অক্টোবৰ :    প্ৰাপ্য মজুৰি আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি যোৰহাটৰ টোকোলাই চাহ গৱেষনা কেন্দ্ৰৰ সন্মুখত তীব্ৰ ...


গণবাৰ্তা বিশেষ, যোৰহাট, ৭ অক্টোবৰ :    প্ৰাপ্য মজুৰি আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি যোৰহাটৰ টোকোলাই চাহ গৱেষনা কেন্দ্ৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসুচী গ্ৰহন কৰে শতাধিক চাহ শ্ৰমিকে। অসম চাহ জনজাতি ছাত্ৰ সন্হা যোৰহাট শাখা আৰু চিনামৰা উপশাখা সমিতিৰ উদ্যোগত আৰু শ্ৰমিক ৰাইজৰ সহযোগত টোকোলাই চাহ গৱেষনা কেন্দ্ৰৰ অধীনত থকা টোকোলাই, নিউ টোকোলাই আৰু বৰভেটা নমুনা চাহ বাগিছাৰ শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বাগিছা কেইখনত সম্প্ৰত্তি দেখা দিয়া চিকিৎসা ব্যৱস্থাৰ সমস্যাৰ লগতে বাগিছাৰ পাত চিঙোতেও সন্মূখীন হোৱা সমস্যা সমাধান কৰিবলৈ দাবী জনাই| আনহাতে  প্ৰতিবাদ স্থলীৰ পৰা টোকোলাই চাহ গৱেষনা কেন্দ্ৰৰ কতৃপক্ষক তীব্ৰ ভাষাৰে সমালোচনা কৰি চাহ জনজাতি  ছাত্ৰ  সন্থাৰ তৰফৰ পৰা কয় যে ৰাজ্যত চাহৰ উৎপাদন কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই বিষয়ে চাহ গৱেষনা কেন্দ্ৰটোৱে পৰামৰ্শ দি অহা সময়তে কেন্দ্ৰটোৰ অধীনত থকা চাহ বাগিছা কেইখনৰ অৱস্থা পুতৌজনক হৈ পৰিছে| কেন্দ্ৰটোৱে বাগিছা কেইখন ভালদৰে পৰিচালনা কৰিব নোৱাৰা বাবে শ্ৰমিক সকলৰ সমস্যাৰ সন্মূখীন  হৈছে বুলি দাবী কৰি অতি শীঘ্ৰে সমস্যা সমাধানৰ দাবী কৰে| উল্লেখযোগ্য যে কেন্দ্ৰটোৰ মুখ্যদ্বাৰৰ সন্মূখত ৪ ঘন্টীয়া  অৱস্হান ধৰ্মঘট কাৰ্য্যসুচীত  প্ৰতিবাদ কাৰী সকলে চাহ শ্ৰমিক জিন্দাবাদ, টোকোলাই চাহ গৱেষনা কেন্দ্ৰ হায় হায়, ছাত্ৰ ঐক্য জিন্দাৱাদ,শ্ৰমিকৰ ওপৰত চলা শোষন নীতি বন্ধ কৰক, চাহ গৱেষনা কেন্দ্ৰ মুৰ্দাবাদ আদি শ্লগানেৰ  উত্তাল কৰি তোলে পৰিৱেশ। আনহাতে   সমস্যা সমূহ সমাধানত  কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰে তেন্তে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিদকাৰী সকলে।

No comments