Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিশিষ্ট শিক্ষাবিদ, উদ্যোগী ড° অজিত কুমাৰ ভাগৱতীৰ মৃত্যু

গণবাৰ্তা বিশেষ, যোৰহাট, ২১ অক্টোবৰ :  ৰাজ্যখনৰ এজন বিশিষ্ট শিক্ষাবিদ তথা  উত্তৰ পূৰ্বাঞ্চলৰ পল্ট্ৰী উদ্যোগৰ বাটকটীয়া স্বৰূপ বিশিষ্ট উদ্যোগী,...

গণবাৰ্তা বিশেষ, যোৰহাট, ২১ অক্টোবৰ :  ৰাজ্যখনৰ এজন বিশিষ্ট শিক্ষাবিদ তথা  উত্তৰ পূৰ্বাঞ্চলৰ পল্ট্ৰী উদ্যোগৰ বাটকটীয়া স্বৰূপ বিশিষ্ট উদ্যোগী, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, মীণ মহাবিদ্যালয়ৰ প্ৰাক্তন ডীন ড° অজিত কুমাৰ ভাগৱতীৰ আজি পূৱা ৮ বজাত তেখেতৰ গুৱাহাটীৰ ক্ষেত্ৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগত সংলগ্ন বাসভৱনত দেহাৱসান ঘটে৷ দেৰগাওঁৰ বৰুৱাগাঁৱৰ প্ৰয়াত পৰেশ চন্দ্ৰ ভাগৱতী আৰু লীনা ভাগৱতীৰ সুযোগ্য সন্তান ড° অজিত ভাগৱতীয়ে ১৯৫৬ চনত জন্ম গ্ৰহন কৰে ৷ অসম কৃষি বিশ্ববিদ্যালয়, মীন মহাবিদ্যালয় আদিত সুদীৰ্ঘ ২১ বছৰ চৰকাৰী চাকৰি কৰি   স্বেচ্ছাকৃত অৱসৰ লৈ এক উদ্যোগী মনোভাৱেৰে স্বাধীনভাৱে হাজাৰ হাজাৰ খিলঞ্জীয়া শিক্ষিত যুৱক যুৱতীক বিজ্ঞান ভিত্তিত কুকুৰা পালনেৰে কেনেকৈ স্বনিয়োজনৰ বাট দেখুৱাব পাৰি সেই উদ্দেশ্য আগত ৰাখি কণী ব্ৰয়লাৰ উৎপাদন, ব্ৰয়লাৰ কুকুৰাৰ খাদ্য উৎপাদন, প্ৰশিক্ষণ, বিপনন আদিৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক সামৰি কেইবাটাও কোম্পানীৰ জন্ম দিয়ে ৷ 

উল্লেখযোগ্য যে কৃষি বিশ্ববিদ্যালয়ত অধ্যপনা কৰি থকাৰ সময়তে চুইজাৰলেণ্ড, ইটালী, ফ্ৰান্স, জাৰ্মানী আদিৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সত্তৰো অধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় কনফাৰেন্সত ভাগ লোৱা ড° ভাগৱতী পৰবৰ্তী সময়ত অসীম সাহস , মনোবল আৰু পৰিশ্ৰমৰ ফলত পল্ট্ৰীৰ লগত সংলগ্ন হৈ ভিন্ন উদ্যোগ স্থাপনেৰে আৰু দীৰ্ঘ দিন ধৰি সদৌ অসম কুকুৰা পালক আৰু ব্যৱসায়ী সন্থাৰ সভাপতিৰ পদত অধিস্থিত হৈ উত্তৰ পূৱ ভাৰতৰ পল্ট্ৰী জগতৰ সম্প্ৰসাৰণৰ অন্যতম বাটকটীয়া আাৰু অভিভাৱক হৈ পৰিছিল| গুৱাহাটী আৰু যোৰহাটৰ বৃদ্ধাশ্ৰম, স্কুল কলেজ আৰু নামঘৰ স্থাপন আদি অলেখ সামাজিক কামত জড়িত থকা শিক্ষাবিদ তথা উদ্যোগী ব্যক্তিজনে  তেখেতৰ অসাধাৰন উদ্যমী আৰু পৰিশ্ৰমৰ বাবে ভাৰত পল্ট্ৰী বিজ্ঞান সংস্থাকে আদি কৰি পশ্চিম বংগ চৰকাৰৰ পৰাও বিশেষভাৱে সম্বৰ্দ্ধিত হৈছিল ৷ 

অসম চৰকাৰ আৰু ইপচাকন (IPSACON) ৰ পৰা ২০১৫ চনত উদ্যোগজ্যোতি বটা লাভ কৰা ড° অজিত কুমাৰ ভাগৱতীয়ে মৃত্যুৰ সময়ত তেখেতৰ সহধৰ্মিনী সুজাতা ভাগৱতী, এজন পুত্ৰ সন্তান আৰু এগৰাকী কণ্যা সন্তান এৰি থৈ যায় ৷ তেখেতৰ মৃত্যুত অসমে এজন  বিশিষ্ট উদ্যোগী, লেখক আৰু সমাজসেৱকক হেৰুৱালে ৷

No comments