Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গৌৰীপুৰত ৩০ ফুট দ-খাৱৈত বাগৰিল বাহন ঃ হতাহত-২

গণ বাৰ্তা, গৌৰীপুৰ, ২৮ অক্টোবৰ ঃ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ নৱম খণ্ড (হাজাৰীঝোৰনা)ৰ ওচৰত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৩০ ফুট দ খাৱৈত...

গণ বাৰ্তা, গৌৰীপুৰ, ২৮ অক্টোবৰ ঃ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ নৱম খণ্ড (হাজাৰীঝোৰনা)ৰ ওচৰত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৩০ ফুট দ খাৱৈত বাগৰি পৰি এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল এজন শিক্ষক পত্নীৰ। এএছ ১৭-৩১৭৫ নম্বৰৰ বাহনখনত আছিল এটা শিক্ষক পৰিয়ালৰ তিনিজন লোক। আজি বিয়লি ৪ মান বজাত বৰপেটাৰ পৰা ধুবুৰীলৈ শিক্ষক ছামাদে বাহনখন চলাই গৈ থকা অৱস্থাত ঐতিহাসিক পাণবাৰীৰ হাজাৰীঝোৰনাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত শিক্ষক আব্দুছ ছামাদৰ পত্নী সবিদা শিকদাৰ (৪৫) নামৰ মহিলাগৰাকীৰ মৃত্যু হয়। 

স্থানীয় ৰাইজৰ অভিযোগ মতে ১০৮ মৃত্যুঞ্জয় এম্বুলেন্সৰ অপেক্ষাত মৃত্যু যন্ত্ৰণাত প্ৰায় এঘণ্টা ছট্‌ফটাই ঘটনাস্থলীত শেষ নিশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে। আনহাতে গুৰুতৰভাৱে আহত হোৱা শিক্ষক আব্দুছ ছামাদ আৰু তেওঁৰ কিশোৰ পুত্ৰক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৰপেটা জিলাৰ বাসিন্দা আব্দুছ ছামাদ নামৰ লোকজনে ধুবুৰী চৰকাৰী ল’ৰাৰ উচ্চতৰ বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে চাকৰি কৰে। চাকৰি সূত্ৰে তেওঁ সপত্নীৰে ধুবুৰী চহৰৰ বিদ্যাপাৰাত এটা ভাৰাঘৰত বসবাস কৰি আহিছিল। পূজাৰ বন্ধৰ পিছত আজি বৰপেটাৰ নিজা গৃহৰ পৰা ধুবুৰীলৈ সপৰিয়ালে আহি আছিল শিক্ষকজন।

No comments