Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ষষ্ঠীত প্ৰতিস্থিত দেৱী বিসৰ্জিলে দশমীত : যোৰহাটত কভিড প্ৰটকলৰ মাজেৰে পালন কৰা হল দুৰ্গোৎসৱ

গণবাৰ্তা বিশেষ, যোৰহাট, ২৬ অক্টোবৰ :  দেশজুৰি ক'ৰোণা মহামাৰীৰ বাবে স্থবিৰ হৈ পৰা পিছত কভিড প্ৰটকল মানি ৰাজ্যজুৰি পালন কৰা হয় আদ্যশক্তি ম...



গণবাৰ্তা বিশেষ, যোৰহাট, ২৬ অক্টোবৰ :  দেশজুৰি ক'ৰোণা মহামাৰীৰ বাবে স্থবিৰ হৈ পৰা পিছত কভিড প্ৰটকল মানি ৰাজ্যজুৰি পালন কৰা হয় আদ্যশক্তি মা দুৰ্গাৰ আৰাধনা| যোৰহটতো জিলা প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া নিয়ম অনুসৰি পালন কৰা হয় দুৰ্গোৎসৱ| ষষ্ঠীত উলহ মালহেৰে প্ৰতিষ্ঠা কৰা দেৱী দূ্ৰ্গাক আজি অশ্ৰুসিক্ত নয়নেৰে বিসৰ্জন দিয়ে| যোৰহাটৰ ভোগদৈ নৈৰ কেইবাটাও স্থানত বিবিন্ন মণ্ডপৰ প্ৰতিমা সমূহ বিয়লি বিসৰ্জন দিয়া হয়| চহৰৰ আটাইবোৰ পূজা মণ্ডপৰ প্ৰতিমা জিলা প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া পূজাডুবি ঘাটত বিসৰ্জন দিয়া হয়| বাতৰি লিখা পৰলৈকে ৪৫ খন প্ৰতিমা বিসৰ্জন দিয়া হয় পূজাডুবি ঘাটত| ঘাটত জিলা প্ৰশাসনৰ তৰফৰ পৰা ক্ৰেনৰ ব্যৱস্থা কৰি প্ৰতিমা বিসৰ্জন খৰটকীয়া কৰি তোলাৰ লগতে নিৰাপত্তা ব্যৱস্থাত সতৰ্কতা মুলক দৃষ্টি ৰাখি এচ ডি আৰ এফ বাহিনীৰ নিয়োজিত কৰা হয়| উল্লেখনীয় ভাৱে প্ৰতিখন প্ৰতিমাৰ লগত ৭ জন ব্যক্তিকহে ঘাটলৈকে যোৱাৰ অনুমতি দিয়ে জিলা প্ৰশাসনে| ইফালে দশমীৰ দিনটোত গড়আলিত ৰাইজৰ যি ভীৰ পৰিলক্ষিত হয় আজি সেই অনুপাতে  যথেষ্ঠ কম হোৱা দেখা গল ৰাইজৰ উপস্থিতি| কভিড প্ৰটকল মানি কেৱল পৰম্পৰা ৰক্ষা কৰিয়েই যোৰহাটবাসীয়ে উদযাপন কৰিলে শাৰদীয় দুৰ্গোৎসৱ|

 

No comments