Page Nav

HIDE

টিংখাঙৰ নিগমত বুঢ়ীদিহিং নদীৰ ব্যাপক গৰাখহনীয়া তিনিখন গাঁ‌ৱলৈ কঢ়িয়াই আনিছে ভাবুকি

গণ বাৰ্তা, মৰাণ, ৬ অক্টোবৰঃ ডিব্ৰুগড় জিলাৰ লেঙেৰী মৌজাৰ অন্তৰ্গত পূৱেৰুণ কৃষিপাম নিগমৰ সমীপত বুঢ়ীদিহিং নদীৰ ভয়ানক গৰাখহনীয়াই নদীকাষৰীয়া অঞ্চ...


গণ বাৰ্তা, মৰাণ, ৬ অক্টোবৰঃ ডিব্ৰুগড় জিলাৰ লেঙেৰী মৌজাৰ অন্তৰ্গত পূৱেৰুণ কৃষিপাম নিগমৰ সমীপত বুঢ়ীদিহিং নদীৰ ভয়ানক গৰাখহনীয়াই নদীকাষৰীয়া অঞ্চলটোৰ প্ৰায় ১০০টা পৰিয়ালৰ  প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । টিংখাং সমষ্টিৰ মৰাণ ৰাজহচক্ৰৰ অন্তৰ্গত লেঙেৰীৰ বুঢ়ীদিহিঙৰ এই গৰাখহনীয়াই গাওঁখনৰ খেতিৰ মাটি, ঘৰৰ ভেটি, শস্যৰ বাৰী আদি খহাই বিধ্বস্ত কৰি পেলাইছে । অঞ্চলটোৰ নদীকিনাৰ, ৩নংচৰাইহাবি, ৩নং ভৰালীবাৰী হৰেঘাট এই তিনিখন গাৱঁত  যোৱা ২০বছৰধৰি হোৱা বুঢ়ীদিহিং নদীৰ খহনীয়াই বহু হেক্টৰ মাটি খহাই সমষ্টিটোৰ ভৰালীবাৰী নিগম মথাউৰিটোলৈ ভাবুকি কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে লেঙেৰীৰ হৰেঘাট দলঙৰ দক্ষিণ দিশৰ পৰা হোৱা এই খহনীয়াৰ ফলত বুঢ়ীদিহিং নদীৰ কাষতে বসবাস কৰা ৫ টা পৰিয়ালৰ ঘৰৰ ভেটি উচন হোৱাৰ উপক্ৰম হৈছে । কিন্তু আজি পৰ্যন্ত সমষ্টিটোৰ বিধায়কজনে এই বুঢ়ীদিহিংৰ  গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা হাতত লোৱা নাই । ইফালে এই বুঢ়ীদিহিং নদীৰ গৰাখহনীয়া প্ৰতিৰোধ বাবে শীঘ্ৰে ব্যৱস্থা নললে মৌজাটোৰ অন্তৰ্গত উক্ত গাওঁকেইখনৰ অস্তিত্ব বিপদাপন্ন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইফালে স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ডিব্ৰুগড় জিলাৰ জলসম্পদ বিভাগেও খহনীয়া বিধ্বস্ত গাওঁ খহনীয়া পৰিদৰ্শন কৰা নাই বুলি অভিযোগ তুলিছে । ( প্ৰণৱ ডেকাবৰুৱা, মৰাণ )