গণ বাৰ্তা, দেৰগাঁও ১১ অক্টোবৰ : বিশিষ্ট সমাজকৰ্মী বৰ্ষীয়ান শিক্ষাবিদ কাকডোঙা কুকুৰাপহীয়া গাঁৱৰ নিবাসী ৰূপেশ্বৰ বৰা (৯৭) আজি নিজা বাসগৃহত ...
গণ বাৰ্তা, দেৰগাঁও ১১ অক্টোবৰ : বিশিষ্ট সমাজকৰ্মী বৰ্ষীয়ান শিক্ষাবিদ কাকডোঙা কুকুৰাপহীয়া গাঁৱৰ নিবাসী ৰূপেশ্বৰ বৰা (৯৭) আজি নিজা বাসগৃহত বাধক্যজনিত ৰোগত মৃত্যু হয়। বৃহত্তৰ কাকডোঙাৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, দক্ষিণ-পূৱ কাকডোঙা মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, তথা কাকডোঙা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্মলগ্নৰে পৰা ওতঃপ্ৰোত ভাৱে জড়িত এইগৰাকী মহীৰূহ ব্যক্তিৰ মৃত্যুত সমগ্ৰ কাকডোঙা শোকৰ ছাঁ পৰে । এইগৰাকী মহীৰূহ ব্যক্তিৰ মৃত্যুত বৃহত্তৰ কাকডোঙা সাংবাদিক সংস্থা, কাকডোঙা জেষ্ঠ নাগৰিক মঞ্চ, কাকডোঙা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, চোমণী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, কাকডোঙা ব্লক কংগ্ৰেছ সমিতি, দক্ষিণ-পূৱ কাকডোঙা মণ্ডল কংগ্ৰেছ, টাই আহোম কাকডোঙা আঞলিক ছাত্ৰ সন্থা,চুতীয়া ছাত্র সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ভাৰতীয় জনতা পাৰ্টীৰ কাকডোঙা মণ্ডল সমিতিৰ, গোহাঁইমেৰ ক্ৰীড়া সংস্থা লগতে কাকডোঙা বহু দল সংগঠনে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । তেওঁ মৃত্যু সময়ত পত্নী, পুত্ৰ, বোৰাৰী, নাতিক লগতে বহু আত্মীয় এৰিথৈ গৈছে ।
No comments