ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ৩০ অক্টোবৰ : যোৰহাট মহানগৰ কবি সন্মিলনে যোৰহাট চেন্ট্ৰেল ক্লাৱত "শৰতৰ সুবাস " শীৰ্ষক গীত -কবিতা...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ৩০ অক্টোবৰ : যোৰহাট মহানগৰ কবি সন্মিলনে যোৰহাট চেন্ট্ৰেল ক্লাৱত "শৰতৰ সুবাস " শীৰ্ষক গীত -কবিতাৰ এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰে । মহানগৰ কবি সন্মিলনৰ সম্পাদক ৰীতা বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে কবি সন্মিলনৰ সভাপতি আৰেছা বেগমে । কবিতা পাঠ অনুষ্ঠানটি সঞ্চালনা কৰে টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ তথা সদৌ অসম লেখিকা সংস্থাৰ কাৰ্যকৰী সভানেত্ৰী মামনি গগৈ বৰুৱাই । বিশিষ্ট ব্যক্তি হিচাপে উপস্হিত থাকে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক পৰাগ জ্যোতি মহন্ত । নীহাৰিকা সোণোৱালৰ সম্পাদনাত মহানগৰ কবি সন্মিলনৰ মুখপত্ৰ " পাপৰি " উন্মোচন কৰা হয় ।অনুষ্ঠানত গীত পৰিৱেশন কৰে ক্ৰমে পৰিণীতা বৰুৱা নেওগ , আনজুম আৰা হাজৰিকা , সন্ধ্যাৰাণী বেজবৰুৱা , নিজৰা লাহন , দিপালী গগৈ বৰুৱা , লক্ষিমী বৰদলৈ , স্মৃতি ৰেখা বৰুৱা গগৈ , মিনাক্ষী শইকীয়া বৰা , মামণি গগৈ হাজৰিকা আৰু ৰুণ জুণ চেতিয়া বৰ বৰাই । কবিতা পাঠ কৰে ক্ৰমে ৰেণু বৰা , চায়েৰা বেগম , লক্ষিমী দলৈ , মামণি দত্ত , জেচমিন এচ . চুলতানা , ৰূপৰেখা বৰুৱা , কবিতা গগৈ বৰগোহাঁই , ময়ূৰী শৰ্মা গোস্বামী , ৰাজলক্ষ্মী বৰদলৈ , আকাশ প্ৰতিম গগৈ , ৰূপজ্যোতি হাজৰিকা দত্ত , ৰুবী বৰুৱা , মফিদা বেগম , ইন্দিৰা পাও গগৈ , জিন্টু ফুকন , মৃদুমনি ফুকন , সবিতা বৰা কোঁৱৰ , হীৰক জ্যোতি গগৈ আৰু ৰাজ কল্লোল বৰাই । উল্লেখযোগ্য যে মহানগৰ কবি সন্মিলনে লকডাউনৰ সময়ছোৱাত ডিজিটেল মাধ্যমৰ জৰিয়তে কেইবাটিও অনুষ্ঠান অনুষ্ঠিত কৰে ।
No comments