মুম্বাই, ৮ অক্টোবৰ ঃ ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰী অৰ্ণৱ গোস্বামী যিকোনো মুহূৰ্তত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ অথবা জেৰা চলোৱাৰ পূৰ্ণ সম্ভাৱনা...
মুম্বাই, ৮ অক্টোবৰ ঃ ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰী অৰ্ণৱ গোস্বামী যিকোনো মুহূৰ্তত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ অথবা জেৰা চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ধনৰ টোপ দি টিআৰপি বৃদ্ধিৰ চেষ্টা চলোৱাৰ বাবে মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ অথবা জেৰা কৰিব পাৰে, কিয়নো আজি মুম্বাই আৰক্ষীয়ে সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰিছে যে ৰিপাব্লিক টিভিসহ তিনিটা চেনেলে ধনৰ টোপ দি টিআৰপি বৃদ্ধিৰ চেষ্টা চলাই আছিল। মুম্বাই আৰক্ষীয়ে সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰাৰ লগতে আৰু কয় যে ইতিমধ্যে দুটা মাৰাঠী চেনেলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। সেই অনুসৰি এতিয়া মুম্বাই আৰক্ষীৰ জালত অৰ্ণৱ গোস্বামী পৰাৰ সম্ভাৱনা আছে। আজি মুম্বাই আৰক্ষীয়ে সংবাদমেলত প্ৰকাশ কৰে যে এনে এটা ৰেকেট পোহৰলৈ আহিছে, যিয়ে টিআৰপি ক্ৰয় কৰি চেনেলৰ পৰিসৰ বৃদ্ধি কৰাৰ চেষ্টা চলাইছিল।
মুম্বাই আৰক্ষীয়ে কয়- এই ৰেকেটটোৱে ধনৰ টোপ দি টিআৰপি বৃদ্ধিৰ অহৰহ চেষ্টা চলাই আছিল। এই চেনেলৰ ভিতৰত ৰিপাব্লিক টিভিও আছে। ৰিপাব্লিক টিভিয়েও টিআৰপি ছিষ্টেম খেলিমেলি কৰাৰ চেষ্টা চলাই আছিল, কিন্তু মুম্বাই আৰক্ষীৰ এই অভিযোগ পোনছাটে নাকচ কৰিছে ৰিপাব্লিক টিভিয়ে। ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চীফ অৰ্ণৱ গোস্বামীয়ে এক স্পষ্টীকৰণ দি কয় যে মুম্বাই আৰক্ষী আয়ুক্ত কৰণবীৰ সিঙে ৰিপাব্লিক টিভিৰ ওপৰত মিছা অভিযোগ আনিছে। কিয়নো ৰিপাব্লিক টিভিয়ে সুশান্ত সিং ৰাজপুতৰ ঘটনাত তেওঁৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছিল। ৰিপাব্লিক টিভিয়ে মুম্বাই আৰক্ষীৰ আয়ুক্তগৰাকীৰ বিৰুদ্ধে অপৰাধীক মানহানি গোচৰ ৰুজু কৰিব। লগতে এই কথা প্ৰকাশ কৰিছে যে মুম্বাই আৰক্ষী আয়ুক্তগৰাকীয়ে তেওঁলোকৰ পৰা ক্ষমা বিচাৰিব লাগে, অন্যথা ন্যায়ালয়ত যাবলৈ তেওঁ প্ৰস্তুত থাকক বুলি উল্লেখ কৰিছে অৰ্ণৱ গোস্বামীয়ে। মুম্বাই আৰক্ষীয়ে আজি প্ৰকাশ কৰা অনুসৰি টিআৰপি বৃদ্ধিৰ চেষ্টা এইবাবে কৰা হৈছিল, যাতে তেওঁলোকে অধিক বিজ্ঞাপন লাভ কৰে আৰু আমদানি বৃদ্ধি পায়।
ইতিমধ্যে আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰকাশ কৰি এইবুলি কয় যে তেওঁলোকৰ পৰা বিশ লাখ টকা উদ্ধাৰ কৰিছে। আৰক্ষীয়ে আজি প্ৰকাশ কৰিছে যে মুম্বাইত কমেও ২,০০০ টিআৰপি মেচিন লগোৱা আছে। যিসকলৰ ঘৰত এই মেচিন আছে তেওঁলোকক মাহে কমেও চাৰিশৰ পৰা পাঁচশ টকাৰ টোপ দি সেই চেনেল চাই থকাৰ বাবে কৈ থকা হৈছিল। উল্লেখ্য যে বি এ আৰ চি নামৰ এজেন্সীটোৱে টিআৰপিৰ হাৰ নিৰ্ণয় কৰে। মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বি এ আৰ চিয়ে এই কাম হংসা নামৰ এটা এজেন্সীক প্ৰদান কৰিছিল। সেই এজেন্সীটোৰ বিষয়াই ধনৰ টোপ দি বিশেষ চেনেল চাই থকা বাবে কৈ আহিছিল।
মুম্বাই আৰক্ষীয়ে আজি কয় যে যদিহে এনে ঘটনা মুম্বাইত সংঘটিত হৈছে, তেনেহ’লে সমগ্ৰ দেশতো এনে ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। লগতে আজি এই কথাও প্ৰকাশ কৰিছে যে অৰ্ণৱ গোস্বামীলৈ তেওঁলোকে চমন জাৰি কৰিব আৰু ঘটনাৰ তদন্ত দ্ৰুতগতিৰে চলাই যাব। এই ঘটনা পোহৰলৈ অহাৰ লগতে দেশৰ সংবাদ মাধ্যমত এতিয়া হুলস্থূল লাগিছে। বহু জ্যেষ্ঠ সাংবাদিকে টুইটাৰৰ জৰিয়তে ধনৰ টোপ দি টিআৰপি ক্ৰয় কৰাৰ চেষ্টা কৰা কাৰ্যক কঠোৰ গৰিহণা দিছে।
No comments