Page Nav

HIDE

এছ আই কেলেংকাৰীয়ে কঁপাইছে দিছপুৰঃ আৰক্ষী বিষয়া কুমাৰ সঞ্জিৎ কৃষžক চিআইডিৰ তলব

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ ঃ এছ আই কেলেংকাৰীৰ তদন্তই এতিয়া বাৰুকৈয়ে জোকাৰণি তুলিছে দিছপুৰত। মুখ্যমন্ত্ৰীৰ কঢ়া নিৰ্দেশৰ পিছত অসম আ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ ঃ এছ আই কেলেংকাৰীৰ তদন্তই এতিয়া বাৰুকৈয়ে জোকাৰণি তুলিছে দিছপুৰত। মুখ্যমন্ত্ৰীৰ কঢ়া নিৰ্দেশৰ পিছত অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে তদন্ত চলোৱাৰ পিছতে এজনৰ পিছত এজনকৈ পোহৰলৈ আহিছে মূধাফুটা ব্যক্তিৰ নাম। বিজেপিৰ যুৱনেতা দিবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছত কালি ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহসমষ্টি জালুকবাৰীৰ বেজেৰা মণ্ডলৰ উপ-সভাপতি জিণ্টু নাথ ধৰা পৰাৰ পিছতেই এছ আই কেলেংকাৰীত যে একাংশ পাবত গজা পালিনেতাৰ হাত আছিল সেয়া পোহৰলৈ আহিছে। কিন্তু এই পালিনেতাবোৰে কাৰ সাহসত ৰাজ্যৰ আৰক্ষীৰ উপ-পৰিদৰ্শকৰ চাকৰিৰ কেলেংকাৰীৰ পোহাৰ মেলিছিল সেয়াহে এক তদন্তৰ বিষয়। লক্ষণীয় যে এছ আই কেলেংকাৰীৰ উপৰি ৰাজ্যৰ বিভিন্ন বিভাগত হোৱা নিযুুক্তিত ব্যাপক কেলেংকাৰী হোৱাৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে এছ আই কেলেংকাৰীত প্ৰায় ৪০ কোটিতকৈও অধিক টকাৰ লেনদেন সম্পূৰ্ণ হৈছিল। এতিয়ালৈকে মাত্ৰ ৫ কোটিহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। তেনেস্থলত কেলেংকাৰীত আদান-প্ৰদান হোৱা আগধনৰ টকা ক’লৈ গ’ল সেয়া এক জটিল প্ৰশ্ন।

 ইপিনে আজি চিআইডিয়ে কালি বৰপেটাৰ এফআৰআৰঅ’ৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা কুমাৰ সঞ্জিৎ কৃষ্ণক এছআই কেলেংকাৰী সন্দৰ্ভত তলব কৰে। আজি চিআইডিত হাজিৰ হোৱাৰ পিছতে উলুবাৰীস্থিত অসম আৰক্ষীৰ কাৰ্যালয়ত উপস্থিত হয় কুমাৰ সঞ্জিৎ কৃষ্ণ। লক্ষণীয় যে সঞ্জিৎ কৃষ্ণক তলব কৰাৰ পিছতে ৰাজ্যৰ সচেতন মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। কিয়নো, এপিএছ বিষয়া সঞ্জিৎ কৃষ্ণ হৈছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ। ইপিনে এছআই কেলেংকাৰীত একাংশ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নামো সংলগ্ন হৈ পৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে দিছপুৰত। কেলেংকাৰীত জড়িত ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাক জেৰা কৰাৰ পিছতে পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। বঙাইগাঁৱৰ পৰা এই নিযুক্তি কেলেংকাৰীৰ ঘাই শিপা কৰিমগঞ্জলৈ শিপাই থকাৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে আজি এছআই নিযুুক্তি কেলেংকাৰীৰ মুখ্য অভিযুক্ত দিবন ডেকাৰ চিআইডিৰ জিম্মাৰ অন্তত কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। 

আশ্চৰ্যকৰ বিষয় যে আজি আদালতত আৰু অধিক জিম্মাৰ বাবে চিআইডিয়ে কোনো আবেদন দাখিল নকৰে। অৰ্থাৎ এই বিয়াগোম কেলেংকাৰীৰ মুখ্য অভিযুক্তৰ জেৰা ছয় দিনতে সামৰি সন্তুষ্টি লাভ কৰিছে চিআইডিয়ে। যিটো সময়ত কেলেংকাৰীৰ সৈতে অধিক লোক জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আছে সেই সময়ত মাত্ৰ ছয় দিনৰ জেৰাৰ অন্ততে দিবন ডেকাক চিআইডিয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰা বিষয়টো তাৎপৰ্যপূৰ্ণ। লক্ষণীয় যে আজি আদালতত ৰুবুল হাজৰিকা, ত্ৰৈলোক্য বণিক্য, প্ৰদীপ মজুমদাৰ আৰু মনজিৎ বৰাক হাজিৰ কৰোৱা হৈছিল আৰু এই অভিযুক্তসকলে জামিনৰ বাবে আদালতত আবেদন দাখিল কৰে। তেনেস্থলত তদন্ত কোন দিশে অগ্ৰসৰ হয় সেয়া সময়তহে লক্ষণীয় হ’ব।