Page Nav

HIDE

২০১৮-১৯ ত ৫ ৰাজনৈতিক দললৈ কৰ্পোৰেট গোষ্টীৰ ৮৭৬ কোটি টকাৰ অনুদান : এবছৰত বিজেপিলৈ ৬৯৮ কোটি টকা অনুদান

নতুন দিল্লী, ১৫ অক্টোবৰ : ২০১৮-১৯ বৰ্ষত দেশৰ ৫টা ৰাজনৈতিক দললৈ কৰ্পোৰেট তথা ব্যৱসায়িক গোষ্ঠীয়ে ৮৭৬.১০ কোটি টকা আৰ্থিক অনুদান আগবঢ়ায়। এই কথা ...

নতুন দিল্লী, ১৫ অক্টোবৰ : ২০১৮-১৯ বৰ্ষত দেশৰ ৫টা ৰাজনৈতিক দললৈ কৰ্পোৰেট তথা ব্যৱসায়িক গোষ্ঠীয়ে ৮৭৬.১০ কোটি টকা আৰ্থিক অনুদান আগবঢ়ায়। এই কথা প্ৰকাশ কৰিছে এছ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ, চমুকৈ এডিআৰে। আজি এই সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮-১৯ বৰ্ষত বিজেপিলৈ ১,৫৭৩টা কৰ্পোৰেট গোষ্ঠীয়ে ৬৯৮.০৮২ কোটি টকা অনুদান আগবঢ়ায়। বিজেপিয়ে এই বৰ্ষত সবাতোকৈ অধিক আৰ্থিক অনুদান লাভ কৰে কৰ্পোৰেট গোষ্ঠীৰ পৰা। ইতিমধ্যে দেশত চৰ্চা লাভ কৰিছে যে কৰ্পোৰেট গোষ্ঠীৰ সৈতে বিজেপিৰ এক মধুৰ সম্পৰ্ক আছে। এই কথা পুনৰ এবাৰ প্ৰতিপন্ন হৈছে এডিআৰৰ প্ৰতিবেদনত। যিহেতু ২০১৮-১৯ত আন ৰাজনৈতিক দলৰ তুলনাত বিজেপিয়ে বৃহৎ পৰিমাণৰ আৰ্থিক অনুদান লাভ কৰে কৰ্পোৰেট গোষ্ঠীৰ পৰা। 

এডিআৰৰ প্ৰতিবেদন অনুসৰি এই বৰ্ষতেই ১২২টা কৰ্পোৰেট গোষ্ঠীৰ পৰা কংগ্ৰেছে ১২২.৫ কোটি টকাৰ আৰ্থিক অনুদান লাভ কৰে আৰু এনচিপিয়ে ১৭টা কৰ্পোৰেট গোষ্ঠীৰ পৰা ১১.৩৪৫ কোটি টকা লাভ কৰে আৰ্থিক অনুদান। ৰাজনৈতিক দললৈ কৰ্পোৰেট গো¸ষ্ঠীয়ে আগবঢ়োৱা আৰ্থিক অনুদানৰ বিষয়টোৱে এক চৰ্চা লাভ কৰিছে। কিয়নো ৩১৯টা কৰ্পোৰেট গোষ্ঠীয়ে ৰাজনৈতিক দললৈ ৩১.৪২ কোটি টকা আৰ্থিক অনুদান আগবঢ়োৱাৰ কোনো বিশদ তথ্য নাই। ইমানেই নহয়, আৰ্থিক অনুদান আগবঢ়োৱা আবেদন-পত্ৰত পান-কাৰ্ডৰ বিৱৰণ তথ্য নাই। সেইবাবেই এই বিষয়টোৱে চৰ্চা লাভ কৰিছে। ১৩.৩৩ কোটি টকা পান-কাৰ্ডৰ বিৱৰণ নোহোৱাকৈয়ে বিজেপিলৈ কৰ্পোৰেট গোষ্ঠীয়ে আৰ্থিক অনুদান আগবঢ়াইছে। এই কথা এডিআৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।