Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিতাবৰ ধুবুনীবাসীৰ দুৰ্ভোগ আতৰিব কেতিয়া

গণবাৰ্তা , তিতাবৰ, ১৩ অক্টোবৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ  গৃহ সমষ্টি তিতাবৰ গৰিষ্ঠ সংখ্যক বাট  পথেই  এতিয়া জৰাজীৰ্ণ ৰূপ লৈছে । মূলতঃ ...


গণবাৰ্তা , তিতাবৰ, ১৩ অক্টোবৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ  গৃহ সমষ্টি তিতাবৰ গৰিষ্ঠ সংখ্যক বাট  পথেই  এতিয়া জৰাজীৰ্ণ ৰূপ লৈছে । মূলতঃ গড়কাপ্তানী বিভাগ আৰু তিতাবৰৰ বিধায়ক তৰুণ গগৈৰ  চূড়ান্ত অকমণতা আৰু দায়িত্বহীনতা বাবেই এই  পথসমূহৰ  অৱস্হা দিনক  দিনে তথৈবচ হৈ পৰিছে । জৰাজীৰ্ণ কিছু  পথে ইতিপূৰ্বে বহুকেইজন  লোকৰ  প্ৰাণ লোৱাৰ  লগতে  বহু  কেইজন  গুৰুত্বৰভাৱে  আঘাতপ্ৰাপ্ত হৈ পৰাৰ তথ্য উপলব্ধ । সমষ্টিটোৰ  নামচুঙী গাঁও পঞ্চায়তৰ অন্তৰ্গত অনগ্ৰসৰ অঞ্চল হিচাপে  পৰিগণিত ধুবুনীৰ  এটি  অতিশয় গুৰুত্বপূৰ্ণ পথ হৈছে ধুবুনী এৰালতলী সংযোগী  পথ। সাধাৰণ কৃষক পৰিয়ালে  বসবাস  কৰা বিভিন্ন জ্বলন্ত সমস্যাৰে  জৰ্জৰিত ধুবুনী অঞ্চলৰ   লগত বহিঃজগতৰ সংযোগ  স্থাপন হোৱা একমাত্ৰ পথটোৰ অৱস্হা অতি তথৈবচ । সাধাৰণ  এজাক  বৰষুণতে  একাঠু পৰ্যন্ত বোকা  পানীৰে পৰিপূৰ্ণ  হৈ পৰা উক্ত ধুবুনী এৰালতলী সংযোগী  পথটোৰ  স্থায়ী  মেৰামতি তথা  উন্নয়নৰ  দাবী  জনাই অসম জাতীয়তাবাদী যুৱ  ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতিয়ে  সমষ্টিৰ বিধায়ক তৰুণ গগৈক  কঠোৰ  ভাষাৰে সমালোচনা কৰি শীঘ্ৰে উক্ত  পথটোৰ  উন্নয়ন তথা  মেৰামতি দাবী  জনাই তিতাবৰৰ মহকুমাধিপতিৰ যোগেদি  চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰীলৈ  এখন  স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।  (  তিতাবৰৰ পৰা ৰাতুল বৰা )

No comments