Page Nav

HIDE

ৰাজ্যত বিজেপিক প্ৰতিহত কৰিবলৈ ৰাজনৈতিক কুচকাৱাজঃ কংগ্ৰেছ-চিপিআই (এম)ৰ গুৰুত্বপূৰ্ণ বৈঠক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ অক্টোবৰ : বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰাজ্যত ৰাজনৈতিক কুচকাৱাজ আৰম্ভ হৈছে। আজি বিয়লি প্ৰদেশ কংগ্ৰেছ আৰু চিপিআই(এম...


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ অক্টোবৰ : বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰাজ্যত ৰাজনৈতিক কুচকাৱাজ আৰম্ভ হৈছে। আজি বিয়লি প্ৰদেশ কংগ্ৰেছ আৰু চিপিআই(এম)ৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিজেপিক পৰাভূত কৰাৰ বাবে দুয়োটা দল সহমতত উপনীত হয়। এই সন্দৰ্ভত চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ-বিধায়ক উদ্ধৱ বৰ্মনে জানিবলৈ দিয়ে যে আজিৰ বৈঠকত বিজেপিবিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছ আৰু চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটীয়ে সহমতত উপনীত হৈছে। বিজেপিবিৰোধী গণতান্ত্ৰিক শক্তিসমূহক একগোট কৰি গেৰুৱা দলক বাধা দিয়াৰ বাবে দুয়োটা দল সহমতত উপনীত হৈছে আৰু সাম্প্ৰদায়িকতাবিৰোধী শক্তিক উৎসাহিত কৰাৰ বাবে কাৰ্যপন্থা হাতত লোৱা হ’ব বুলি জ্যেষ্ঠ বামপন্থী নেতাগৰাকীয়ে জানিবলৈ দিয়ে।

 অৱশ্যে উদ্দেশ্যগতভাৱে দুয়োটা দল সহমতত উপনীত হ’লেও মিত্ৰতা স্থাপন হ’ব নে নাই তাক লৈ এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি জ্যেষ্ঠ বামপন্থী নেতাগৰাকীয়ে জানিবলৈ দিয়ে। জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিষয়সমূহত যুঁজ দিয়াৰ বাবে দুয়োটা দলে সন্মতি প্ৰকাশ কৰাৰ লগতে বিজেপি-আৰএছএছ তথা সাম্প্ৰদায়িকতাবিৰোধী সকলো শক্তিক একগোট কৰি বিজেপিক উৎখাত কৰিবলৈ দুয়োটা দলে আহবান জনায়। আজিৰ বৈঠকত চিপিআই (এম)ৰ জ্যেষ্ঠ নেতা হেমেন দাস, উদ্ধৱ বৰ্মন, দলটোৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্য, সম্পাদকমণ্ডলীৰ সদস্য সুপ্ৰকাশ তালুকদাৰ উপস্থিত থকাৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ হৈ গৌৰৱ গগৈ, সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, কমল কুমাৰ মেধি উপস্থিত থাকে।