Page Nav

HIDE

উপায়ুক্ত সকলৰ পয্যায়তে ক্ষুদ্ৰ চাহ খেতিয়কসকলে মাটিৰ পট্টা পাবলৈ সক্ষম হব : মুখ্যমন্ত্ৰী

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,১৫ অক্টোবৰ :  আজিৰে পৰা যোৰহাট তথা অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে মাটিৰ পট্টাৰ বাবে গুৱাহাটীলৈ তাঁতবাটি কৰিব নালাগে ।...


ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,১৫ অক্টোবৰ :  আজিৰে পৰা যোৰহাট তথা অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে মাটিৰ পট্টাৰ বাবে গুৱাহাটীলৈ তাঁতবাটি কৰিব নালাগে । এতিয়াৰে পৰা জিলাসমূহৰ উপায়ুক্ত পয্যায়তে ক্ষুদ্ৰ  চাহ খেতিয়ক সকলে মাটিৰ পট্টা পোৱাৰ কাম সমাপন হব । এই বক্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । যোৰহাটৰ  টোকোলাই চাহ গৱেষণা কেন্দ্ৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰৰ নৱ নিৰ্মিত ভৱন শুভ উদ্ধোধন কৰি আৰু একেটা অনুষ্ঠানতে ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টা প্ৰদান কৰি সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী সোনোৱালে এই কথা উল্লেখ কৰে । লগতে তেওঁ কয় যে মাটিৰ পট্টা দিয়া কাম যোৱা বছৰৰ পৰা আৰম্ভ কৰা হৈছে আৰু ক্ৰমান্বয়ে দি থকা হৈছে । যোৱা বছৰ একলাখ লোকক দিয়া হৈছে আৰু  অহা ডিচেম্বৰত আৰু এক লাখ লোকক মাটিৰ পট্টা দিয়া হব । এই পট্টা দিয়াৰ ক্ষেত্ৰত যি জটিলতা আছিল যেনে গোটেই ফাইলতো উপায়ুক্তই দিছপুৰলৈ পঠিয়াব লাগে তাৰ পাছত ৰাজহ বিভাগে চোৱাছিটা কৰে । কিন্তু এতিয়াৰে পৰা এই পট্টা পোৱা কাম সহজ কৰি দিয়া বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ  কৰে ।  ৰাজহ বিভাগে জিলা উপায়ুক্ত সকলক সম্পূৰ্ন কৰ্তৃত্ব দিব আৰু উপায়ুক্ত সকলে পট্টা দিব পাৰিব বুলি উল্লেখ কৰে । ইয়াৰ পূৰ্বে তেওঁ কয় যে টোকোলাই চাহ গৱেষণা কেন্দ্ৰতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক প্ৰশিক্ষণ দিয়া হব । সেইবাবে  অসম চৰকাৰে ১৭ কোটি টকা মোকোলাই  দিয়া হৈছিল ,তাৰে ছয় কোটি টকাৰ ব্যয়ৰে  এই প্ৰতিষ্ঠানতো নিৰ্মাণ কৰা হৈছে ।  জৈৱিক দিশত  চাহৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে বিশেষভাবে প্ৰধান্য দিয়া হৈছে । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও উত্তৰ পূৰ্বাঞ্চলক জৈৱিক কেন্দ্র হিচাপে গঁড় দিয়াৰ কথা কৈছিল । সেই বাবেই জৈৱিক ক্ষেত্ৰত আমি প্ৰাধান্য দিয়া বুলি তেওঁ উল্লেখ কৰে ।  উক্ত অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ,কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী , বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী , ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ,মন্ত্ৰী যোগেন মোহনকে আদি কৰি বিজেপিৰ আৰু প্ৰশাসনৰ ভালে সংখ্যক লোক উপস্থিত থাকে ।