Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জিলা তথ্য আৰু জনসংযােগ বিভাগৰ কৰ্মচাৰী পবিত্র ৰাজবংশীৰ চাকৰীৰ পৰা অৱসৰ গ্রহণ

ষ্টাফ ৰিপৰ্টাৰ, যােৰহাট, ৩১ অক্টোৱৰ :   যােৰহাট জিলা তথ্য আৰু জনসংযােগ কার্যলয়ৰ  টেকনিচিয়ান পবিত্র ৰাজবংশীয়ে আজি  চাকৰীৰ পৰা অৱসৰ গ্ৰহণ কৰ...


ষ্টাফ ৰিপৰ্টাৰ, যােৰহাট, ৩১ অক্টোৱৰ :   যােৰহাট জিলা তথ্য আৰু জনসংযােগ কার্যলয়ৰ  টেকনিচিয়ান পবিত্র ৰাজবংশীয়ে আজি  চাকৰীৰ পৰা অৱসৰ গ্ৰহণ কৰে । এই উপলক্ষে অনুষ্ঠিত বিদায় সভাত তথ্য আৰু জনসংযোেগ বিষয়া শাৰদী গগৈয়ে কর্মচাৰী গৰাকীৰ কর্মদক্ষতা আৰু কর্মপটুতাৰ প্রসংশা কৰে । টেকনিচিয়ান গৰাকীৰ কাৰ্যদক্ষতাৰ প্রশংসা কৰি জনসংযােগ বিষয়া গৰাকীয়ে তেওঁৰ ভৱিষ্যৎ জীৱনলৈ শুভেচ্ছা জ্ঞাপন কৰে। এগৰাকী সুদক্ষ কর্মচাৰী হিচাপে বিষয়া- কর্মচাৰী সকলৰ সৈতে তেওঁৰ সু-সম্পর্কৰ কথা সকলােৱে মনত ৰাখিব বুলি মন্তব্য কৰে। বিদায়ী বা

ৰাজবংশীক কার্যালয়ৰ তৰফৰ পৰা সফুৰা, সম্বর্ধনা পত্র আৰু ফুলাম গামােচাৰে বিদায় সম্ভাষণ জ্ঞাপন কৰা হয়। সভাত যােৰহাট জিলা প্রশাসনৰ কর্মচাৰী সন্থাৰ সম্পাদক প্রদীপ হাজৰিকাই তেখেতৰ কর্ম সম্পাদনৰ দক্ষতা, নিয়মানুবর্তিতা সহযােগিতা আদি গুণৰ শলাগ লয় জিলা প্রশাসন সন্থাৰ তৰফৰ পৰা ৰাজবংশীক এখন ফুলাম গামােচাৰে বিদায় সম্বর্দ্ধনা জনায়। সভাত জনসংযােগ বিভাগৰ অৱসৰপ্ৰাপ্ত কর্মচাৰী চন্দ্র হাজৰিকাই দুটা গীত গায় সকলােকে আপ্লুত  কৰে ।

বিদায় সভাত ভাষণ প্রদান কৰি টেকনিচিয়ান পবিত্ৰ ৰাজবংশীয়ে  কয় যে যােৰহাট জিলাত বিভিন্ন কর্মত সেৱা আগবঢ়াই তেওঁ বহু অভিজ্ঞতাৰে সমৃদ্ধ হল । কর্মজীৱনৰ এই সময়ছােৱাত তথ্য আৰু জনসংযােগ বিষয়া আৰু সহ কর্মচাৰীসকলৰ দিহা-পৰামর্শৰ পৰা যথেষ্ট  উপকৃত হােৱা বুলি মন্তব্য কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জেষ্ঠ্য সহায়ক ৰূপক দত্তই । আজিৰ বিদায় সভাত যােৰহাট জিলা প্রশাসন কর্মচাৰী সন্থাৰ সভাপতি লােহিত গগৈ, যােৰহাট জিলা প্ৰশাসনৰ নাজিৰ অসীম তামূলী, ৰন্টু নেওগ আৰু তথ্য আৰু জনসংযােগ বিভাগৰ কর্মচাৰীসকল উপস্থিত আছিল

No comments