Page Nav

HIDE

ৰিপাব্লিক টিভি, টাইমছ নাওৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল বলিউদ

নতুন দিল্লী, ১২ অক্টোবৰ ঃ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত এই বিষয়টোক লৈ দেশৰ একাংশ সংবাদ মাধ্যমে দায়িত্বহীনভাৱে বাতৰি পৰি...

নতুন দিল্লী, ১২ অক্টোবৰ ঃ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত এই বিষয়টোক লৈ দেশৰ একাংশ সংবাদ মাধ্যমে দায়িত্বহীনভাৱে বাতৰি পৰিৱেশন কৰাক লৈ সৰৱ হৈ পৰা দেখা পোৱা গৈছে বলীউড জগত। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ বিষয়টোক লৈ দেশৰ প্ৰতিষ্ঠিত সংবাদ মাধ্যম ‘টাইমছ নাও’ আৰু ‘ৰিপাব্লিক টিভি’য়ে দায়িত্বহীনভাৱে বাতৰি পৰিৱেশন কৰি থকা বুলি দেশৰ বৌদ্ধিক মহলে প্ৰকাশ কৰি থকাৰ সময়ছোৱাতেই এইবাৰ এই দুটা সংবাদ মাধ্যমৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল বলীউড। ৰিপাব্লিক টিভি আৰু ৰিপাব্লিক টিভিৰ সম্পাদক অৰ্ণৱ গোস্বামীক, সংবাদ গোষ্ঠীটোৰ সাংবাদিক প্ৰদীপ ভাণ্ডাৰীৰ লগতে টাইমছ নাও আৰু টাইমছ নাওৰ সাংবাদিক শিৱশংকৰ আৰু নভিকা কুমাৰৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত বলীউডে গোচৰ তৰিছে।

বলীউডে প্ৰকাশ কৰা অনুসৰি সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত এই দুটা সংবাদগোষ্ঠী আৰু সংবাদ গোষ্ঠী দুটাৰ সাংবাদিকে বলীউড জগতক লৈ বহু বিকৃত মন্তব্য প্ৰকাশ কৰিছিল। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়ছোৱাতেই বলীউডক লক্ষ্য কৰি এই দুটা সংবাদ গোষ্ঠীয়ে বলীউডৰ তাৰকাসকলক ড্ৰাগ্‌ছ আসক্ত বুলি ক’বলৈ বিচাৰিছিল। কেইবাগৰাকীও বলীউডৰ তাৰকাৰ নাম উল্লেখ কৰি সংবাদ গোষ্ঠী দুটাই তেওঁলোকক ড্ৰাগ্‌ছ আসক্ত আৰু ড্ৰাগ্‌ছ সৰবৰাহৰ লগত জড়িত থকা বুলি অভিযোগ তুলিছিল। ইয়াৰ বাবেই বলীউডৰ তাৰকা আমীৰ খান, শ্বাহৰুখ খান, ছলমান খান, অক্ষয় কুমাৰ, অজয় দেৱগণ, কৰণ জোহৰ, আদিত্য চোপ্ৰা আৰু ফাৰহান আখতাৰে ৰিপাব্লিক টিভি আৰু টাইমছ নাওৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে।  এওঁলোকে উল্লেখ কৰিছে যে এই দুটা সংবাদগোষ্ঠীয়ে তেওঁলোকৰ ব্যক্তিগত অধিকাৰত হস্তক্ষেপ কৰিব বিচাৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে মিডিয়া ট্ৰায়েল চলাইছিল।