ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২২ অক্টোবৰ : ‘দৈনিক গণ অধিকাৰ’ৰ সাংবাদিকলৈ পুনৰ এবাৰ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান। ‘ৰিচ্ছ’ৰ অসংক্ৰমিত ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২২ অক্টোবৰ : ‘দৈনিক গণ অধিকাৰ’ৰ সাংবাদিকলৈ পুনৰ এবাৰ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান। ‘ৰিচ্ছ’ৰ অসংক্ৰমিত ৰোগৰ ৰিপ’ৰ্টিং ফেলোশ্বিপ-২০২০ আগবঢ়োৱা হৈছে ‘দৈনিক গণ অধিকাৰ’ৰ জ্যেষ্ঠ সাংবাদিক হিমাংশু অনুপমলৈ। উল্লেখ্য যে প্ৰতিবছৰে অসংক্ৰমিত ৰোগ সন্দৰ্ভত প্ৰতিবেদনৰ বাবে ৰিেচ্ছ ফেলোশ্বিপ আগবঢ়াই আহিছে। এইবেলি অসংক্ৰমিত ৰোগৰ ক্ষেত্ৰত হৃদৰোগৰ প্ৰভাৱ সন্দৰ্ভত গৱেষণামূলক অনুসন্ধানৰ বাবে হিমাংশু অনুপমলৈ এই ফেলোশ্বিপ আগবঢ়োৱা হৈছে। উল্লেখ্য যে সমগ্ৰ ভাৰতৰ ১৭জন সাংবাদিকলৈ এই সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত অসমৰ দুজন সাংবাদিক আছে।
‘দৈনিক গণ অধিকাৰ’ৰ জ্যেষ্ঠ সাংবাদিক হিমাংশু অনুপমৰ উপৰি ‘নৰ্থ-ইষ্ট নাও’ৰ মহেশ ডেকাকো অসংক্ৰমিত ৰোগ সন্দৰ্ভত এই ফেলোশ্বিপ আগবঢ়োৱা হৈছে। আগন্তুক তিনি মাহৰ ভিতৰত হৃদৰোগ সন্দৰ্ভত সাংবাদিকগৰাকীয়ে অনুসন্ধানমূলক বাতৰি পৰিৱেশন কৰিব লাগিব। উল্লেখ্য যে স্বাস্থ্যৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে অনুসন্ধানমূলক বাতৰি পৰিৱেশন কৰি আহিছে ‘দৈনিক গণ অধিকাৰ’ৰ সাংবাদিকগৰাকীয়ে। ইয়াৰ পূৰ্বেও বিগত বৰ্ষত যক্ষ্মা ৰোগ সন্দৰ্ভত অনুসন্ধানমূলক প্ৰতিবেদনৰ বাবে হিমাংশু অনুপমলৈ ৰাষ্ট্ৰীয় ফেলোশ্বিপ আগবঢ়োৱা হৈছিল।
No comments