Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাজিৰঙাৰ পহিলা নৱেম্বৰৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ব এলিফেণ্ট ছাফাৰী

  গণ বাৰ্তা, বোকাখাত, ৩১ অক্টোবৰ :  ৰাজ্যত কোৰোনা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছত বৰ্তমান কিছু স্বাভাৱিক অৱস্থাৰ সৃষ্টি হোৱাত কাজিৰঙাৰ পৰ...

 

গণ বাৰ্তা, বোকাখাত, ৩১ অক্টোবৰ :  ৰাজ্যত কোৰোনা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছত বৰ্তমান কিছু স্বাভাৱিক অৱস্থাৰ সৃষ্টি হোৱাত কাজিৰঙাৰ পৰ্যটন উদ্যোগটো পুনৰ প্ৰাণ পাই উঠাৰ উপক্ৰম হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে যোৱা ২১ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ পিছৰ পৰা কাজিৰঙালৈ পৰ্যটকৰ আগমন কিছু হোৱা দেখা গৈছে। মুখ্যমন্ত্ৰীয়ে উক্ত দিনা ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা আৰু বাগৰি বনাঞ্চলত কেৱল পৰ্যটকে জীপ ছাফাৰী কৰাৰ বাবেহে মুকলি কৰি দিছিল যদিও এলিফেন্ট ছাফাৰী আৰম্ভ কৰা হোৱা নাছিল। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলত পহিলা নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে এলিফেন্ট ছাফাৰী আৰম্ভ কৰিব বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈয়ে জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকে এলিফেন্ট ছাফাৰী কৰে যদিও এইবাৰ পহিলা নৱেম্বৰত কেৱল কঁহৰা বনাঞ্চলৰ মিহিমুখত বিভাগীয় হাতীৰে এলিফেন্ট ছাফাৰী আৰম্ভ কৰা হ’ব। উক্ত দিনা বন বিভাগৰ ১০টা পোহনীয়া হাতীৰে এলিফেন্ট ছাফাৰী আৰম্ভ কৰাৰ প্ৰস্তুতি চলাই আছে বুলি সংমণ্ডল বিষয়াই জানিবলৈ দিয়ে। কাজিৰঙালৈ পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত মিহিমুখত এলিফেন্ট ছাফাৰীত আৰু হাতী বৃদ্ধি কৰা হ’ব। পহিলা নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত এলিফেন্ট ছাফাৰী কৰিবলৈ ইচ্ছুক পৰ্যটকে আগদিনা, অৰ্থাৎ ৩১ অক্টোবৰৰ সন্ধিয়া সাত বজাত কঁহৰা বনাঞ্চলৰ অভ্যৰ্থনা কক্ষৰ পৰা প্ৰৱেশ-পত্ৰ ল’ব পাৰিব বুলি বন বিষয়াই জানিবলৈ দিয়ে।

অন্যহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত পৰ্যটকে জীপ ছাফাৰী কৰাৰ লগতে কঁহৰা আৰু বাগৰিত জীপ আৰু এলিফেন্ট ছাফাৰী দুয়োটা কৰাৰ সুবিধা আছিল যদিও এইবাৰ ৰাষ্ট্ৰীয় উদ্যানত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চাৰিবাৰকৈ বানপানীৰ সৃষ্টি কৰাত ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত বিশেষকৈ পৰ্যটকে জীপ ছাফাৰী কৰা বাট-পথ, দলং আদিৰ বিস্তৰ ক্ষতি হৈছিল। যাৰ ফলত ২১ অক্টোবৰত মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেৱল কঁহৰা আৰু বাগৰি বনাঞ্চলহে পৰ্যটকৰ বাবে জীপ ছাফাৰীৰ কাৰণে মুকলি কৰি দিছিল। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়া মতে এতিয়াও অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰিব পৰা অৱস্থা হোৱা নাই। উক্ত দুখন বনাঞ্চলৰ কেইবাখনো দলং আৰু কালভাৰ্ট মেৰামতিৰ কাম চলি আছে।

No comments