বৈকুণ্ঠ নাথ গোস্বামী এই বছৰ এক ব্যতিক্ৰমী পৰিস্থিতিত শাৰদীয় দুৰ্গা পূজা। প্ৰকৃতিৰ নিয়মমতে ঋতু পৰিৱৰ্তন হৈছে। গ্ৰীষ্ম আৰু বৰ্ষাৰ বিৰক্তিকৰ ...
বৈকুণ্ঠ নাথ গোস্বামী
এই বছৰ এক ব্যতিক্ৰমী পৰিস্থিতিত শাৰদীয় দুৰ্গা পূজা। প্ৰকৃতিৰ নিয়মমতে ঋতু পৰিৱৰ্তন হৈছে। গ্ৰীষ্ম আৰু বৰ্ষাৰ বিৰক্তিকৰ দিনবোৰ পাৰ কৰি শৰতত মানুহৰ মুকলি হৈছে। শেৱালি ফুলিছে। ঘাঁহ-বন নিয়ৰত তিতিছে আৰু ৰিব্ ৰিব্ ময়লাই মানুহৰ গা-মন জুৰ পেলাইছে। উৎসৱ পাতি আনন্দ-উল্লাস কৰাৰ উপযুক্ত বতৰ। প্ৰকৃততে অসমৰ চহা জীৱনৰ জীৱন পৰিক্ৰমাৰ সৈতে সংগতি ৰাখি ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিৰ দিনা অনুষ্ঠিত কৰা বিশ্বকৰ্মা পূজাৰ দিনৰ পৰাই উৎসৱৰ বতৰ আৰম্ভ হয় আৰু সামৰণি পৰে দৌলযাত্ৰা বা হোলীৰ সময়ত। তাৰ মাজতে অনাৰ্য উপাদানেৰে সমৃদ্ধ কাতি বিহু আৰু মাঘবিহু উদ্যাপন কৰা হয়।
আন সকলো উৎসৱৰ দৰে দুৰ্গা পূজাতো আধ্যাত্মিক দিশ এটা আছে। দশভূজা দুৰ্গাৰ দেখনিয়াৰ মৃন্ময় মূৰ্তিত পূজা-অৰ্চনা আৰু আৰতি, নিৰ্মালি, কপালত তিলক আৰু প্ৰসাদ গ্ৰহণ আধ্যাত্মিক দিশটোৰ ভিতৰত পৰে। ক’ভিতসৃষ্ট পৰিস্থিতিৰ বাবে সীমিতসংখ্যক ভক্তৰ অংশগ্ৰহণেৰে ক’ভিডৰ প্ৰট’কল মানি আধ্যাত্মিক দিশটোৰ কাৰ্যসূচীবোৰ পালন কৰা হ’ব। সৰ্বসাধাৰণ লোকৰ বাবে শাৰদীয় দুৰ্গা পূজাৰ উৎসৱৰ দিশটোহে আছিল মূল আকৰ্ষণ। মেলাত বিক্ৰী হৈছিল নানা তৰহৰ মনোহাৰী সামগ্ৰী আৰু খেলনা আদি। জেলেপি তথা অন্যান্য মিঠাইৰ দোকানত লানি নিছিগা জনস্ৰোত। পূজাত এমাহ আগৰ পৰাই কাপোৰৰ বিপণীত বিৰ দি বাট নোপোৱা অৱস্থা। পূজা উপলক্ষে এসাজ নতুন কাপোৰ নল’লেই নহয়। তাৰ বাবে দৰিদ্ৰ পৰিয়ালবোৰে গোটেই বছৰজুৰি সঞ্চয় কৰে। উদয়াস্ত পৰিশ্ৰম কৰি জীৱন ধাৰণ কৰা লোকসকলেও দৈনন্দিন জীৱনযাত্ৰাৰ ক্লেশ আৰু দৈন্য পাহৰি পূজাৰ দিনকেইটা পৰিয়াল, আত্মীয় কুটুম্ব আৰু বন্বুূ-বান্ধৱ-চুবুৰীয়াৰ সৈতে আনন্দ-উল্লাসৰ মাজত কটায়। এইবাৰ পূজাত এই স্বাভাৱিক ছবিখন দেখিবলৈ পোৱা নাযাব। উৎকণ্ঠা আৰু অনিশ্চিত ভৱিষ্যৎ সন্মুখত লৈ মানুহে আনন্দ কৰিব পাৰে জানো·
দুৰ্গা পূজাকে ধৰি উৎসৱবোৰত বিভিন্নধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। পূজা মণ্ডপৰ নাতিদূৰত ভ্ৰাম্যমাণ থিয়েটাৰবোৰে অস্থায়ী মঞ্চত নাট পৰিৱেশন কৰে আৰু সেইবোৰত নাটক উপভোগ কৰাৰ বাবে যথেষ্ট লোকৰ সমাগম হয়। এই বছৰ সকলো বন্ধ। সাংস্কৃতিক কাৰ্যক্ৰমৰ লগত জড়িত কলা-কুশলী আৰু অন্যান্য কৰ্মীসকলৰ উপাৰ্জনৰ পথ বন্ধ।
No comments