Page Nav

HIDE

বিজেপি-অগপক ৰোধিবলৈ এইবাৰ ‘ৰাইজৰ দল’ : কৃষক মুক্তি-৭০ জাতীয় সংগঠন-লাচিত সেনাৰ উদ্যোগত নতুন আঞ্চলিক দলৰ আত্মপ্ৰকাশ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ বিজেপি-অগপ-কংগ্ৰেছ-এআইইউডিএফৰ ক্ষমতাকেন্দ্ৰিক, সাম্প্ৰদায়িক ৰাজনীতিৰ বিপৰীতে ৰাজ্যত সুস্থ আঞ্চলিক দল গঠনেৰে অসমক...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ বিজেপি-অগপ-কংগ্ৰেছ-এআইইউডিএফৰ ক্ষমতাকেন্দ্ৰিক, সাম্প্ৰদায়িক ৰাজনীতিৰ বিপৰীতে ৰাজ্যত সুস্থ আঞ্চলিক দল গঠনেৰে অসমক ৰক্ষা কৰাৰ বাবে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, ৭০টা জাতীয় সংগঠন, বীৰ লাচিত সেনা আৰু সংযুক্ত আঞ্চলিক দলৰ পৃষ্ঠপোষকতাত গঠন হ’ল এটা নতুন ৰাজনৈতিক দল। আজি হোটেল গেটৱেত অনুষ্ঠিত কাৰ্যসূচীত আঞ্চলিক দল আনুষ্ঠানিকভাৱে গঠন হোৱা বুলি ঘোষণা কৰে বিশিষ্ট ছবি পৰিচালক পদ্মভূষণ জাহ্নু বৰুৱা আৰু শিক্ষাবিদ ঘনশ্যাম নাথে। এই নতুন দলত উপদেষ্টা হিচাপে ৰখা হৈছে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, পদ্মভূষণ জাহ্নু বৰুৱা, উদয়াদিত্য ভৰালী, ড০ আবু চৈয়দ নাছিৰ আহমেদ, বিষু্ণ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা, সঞ্জয় কুমাৰ তাঁতী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, ডাঃ নাৰায়ণ শৰ্মা, ড০ সীতানাথ লহকৰ, জে পি দাস, ঘনশ্যাম নাথ, সত্যেন্দ্ৰ প্ৰসাদ ডেকা, অৰুণ গগৈ, সুমিত্ৰা হাজৰিকা। 

‘ৰাইজৰ দল’ নামেৰে আজি আত্মপ্ৰকাশ কৰা দলটোত মুখ্য ৰাজ্যিক আহবায়ক হিচাপে দায়িত্ব দিয়া হৈছে অখিল গগৈ, ভাস্কো ডি শইকীয়া, লোহিত গগৈ, মহেন্দ্ৰ দিহিঙ্গীয়া, আলোক নাথ, হুছেইন মহম্মদ ছাহজাহান, জিতুল ডেকা, ৰত্নেশ্বৰ দেউৰী, গিৰি শংকৰ গোস্বামী, ৰুবুল দাসক। আনহাতে  ৭০টা সংগঠনকে আদি কৰি আন সংগঠনসমূহৰ মাজত সমন্বয় ৰক্ষাৰ বাবে সমন্বয়ৰক্ষী সমিতি গঠন কৰি দিয়া হৈছে। সমন্বয়ৰক্ষী সমিতিৰ আলোক নাথ, সম্বিত শৰ্মা, কবিস্তু চেতিয়া ফুকন, ৰণ্টু পানীফুকন, দেৱজিত দত্ত, ৰাজু বৰা, ধৈৰ্য কোঁৱৰ, অংকুৰণ ফুকন, ধ্ৰু¸ৱজ্যোতি ভৰালী, মণিদীপ মোহন, দীপাঙ্কৰ কলিতাক দায়িত্ব অৰ্পণ কৰা হৈছে। 

কৃষক মুক্তিৰ সৈতে আজি দল গঠনত আছে টাই আহোম যুৱ পৰিষদ, আহোম জাতীয় গণ মঞ্চ, অসমীয়া যুৱ মঞ্চ, তিৱা যুৱ পৰিষদ, অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, আমৰি কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, সদৌ কলিতা ছাত্ৰ সন্থা, অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আহোম সেনা, মদমুক্ত অসম, অগ্ৰণী মহিলা মঞ্চ, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ অসম মৰিয়া যুৱ-ছাত্ৰ পৰিষদ, অসম বড়ো-কছাৰী জাতীয় পৰিষদ, তেজপুৰ ‘কা’বিৰোধী ঐক্যমঞ্চ, যোৰহাট ‘কা’বিৰোধী মঞ্চ, সন্মিলিত জনগোষ্ঠীয় সংগ্ৰাম সমিতি, কৃষিভূমি আৰু পৰিৱেশ সংৰক্ষণ সমিতি, গোৰ্খা ছাত্ৰ সন্থা, বৰাক প্ৰতিনিধি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয় ঐক্য মঞ্চ, অসম সুৰক্ষা সেনা, সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী ছাত্ৰ সন্থা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম একত্ৰিত যুৱ পৰিষদ, দুৰ্নীতিবিৰোধী, মানৱ অধিকাৰ সুৰক্ষা মঞ্চ, পূৰ্বাঞ্চলীয় খিলঞ্জীয়া পৰিষদ, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, গণ ঐক্য সংগ্ৰাম সমিতি, অসম সংগ্ৰামী যুৱ-ছাত্ৰ সন্থা, সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, পিপ’ল্ছ কাউন্সিল ফৰ পীচ এণ্ড ডেভেলপমেণ্ট, অসম, সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম গাৰো গাঁওবুঢ়া সমাজ, সদৌ অসম মুছলিম যুৱ পৰিষদ, সংখ্যালঘু নাগৰিক সমাজে ‘ৰাইজৰ দল’ গঠন কৰে। 

সাম্প্ৰদায়িক ফেচীবাদী শক্তি বিজেপি-আৰএছএছক পৰাভূত কৰাৰ লগতে কংগ্ৰেছ-এআইইউডিএফ দলৰ সাম্প্ৰদায়িক মহাজোঁট যাতে অসমৰ ৰাজনীতিত পুনৰ উত্থান হ’ব নোৱাৰে তাক লক্ষ্য কৰি এই ‘ৰাইজৰ দল’ গঠন কৰা হৈছে বুলি কৃষক মুক্তিকে আদি কৰি ৭০টা সংগঠনৰ নেতৃত্বই জানিবলৈ দিয়ে। এই দলটোৰ প্ৰথম লক্ষ্য হ’ব ’২১ৰ নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি ‘কা’ আইনখন অসমত বলৱৎ কৰাত বাধা দিয়া। ‘কা’ বাতিলৰ বাবে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতে ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলা। আজি দল গঠনৰ পূৰ্বে গান্ধীজয়ন্তী উপলক্ষে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ উপৰি ‘কা আন্দোলনত প্ৰাণ হেৰুওৱা পঞ্চশ্বহীদলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়।